নিজৰ শিশুৰ সবিশেষ তথ্য আৰু ফটো জ্ঞাতে অথবা অজ্ঞাতে ইণ্টাৰনেটত শ্বেয়াৰ নকৰিবলৈ ৰাইজক আহ্বান জনাইছে অসম আৰক্ষীয়ে ৷ ইণ্টাৰনেটত শিশুৰ ফটো তথা তথ্য শ্বেয়াৰ কৰা কার্যই তেওঁলোকৰ সুস্থতা, ডিজিটেল অথবা আন প্ৰকাৰে ভাবুকি আনিব পাৰে বুলিও আৰক্ষীয়ে উল্লেখ কৰিছে ৷ ইণ্টাৰনেটত শিশুৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ বাবেও আৰক্ষীয়ে এই আহ্বান জনাইছে ৷
উল্লেখ্য যে কিছুদিন পূর্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এটি কণমানি সন্ধানহীন হৈছিল ৷ এগৰাকী মহিলাই পিতৃৰ পৰা কোলাত তুলি লোৱাৰ চলেৰে হাস্পতালৰ পৰা লৈ উধাও হয় ৷ এই ঘটনাৰ দহদিন উকলি যোৱাৰ পাছতো আৰক্ষীয়ে কণমানিটোৰ সন্ধান উলিওৱাত ব্যর্থ হৈছে ৷ যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷