গুজৰাটৰ পৰা উন্নত প্ৰজাতিৰ ২ হাজাৰ গীৰ গাই অসমলৈ অনা হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে এলানি আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে।
গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকা নেতৃত্বত ইতিমধ্যে অসম চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগৰ চিকিৎসকৰ দল এটা গুজৰাটত উপস্থিত হৈ গুজৰাটৰ পশুপালন মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয়।
এই বৈঠকৰ সিদ্ধান্ত অনুসৰি এমাহৰ ভিতৰতে ২০০ গীৰ গাই অসমলৈ অনাৰ ব্যৱস্থা কৰিব। অহা মাৰ্চৰ ভিতৰত পুনৰ ৫০০ গাই অসমলৈ অনা হ’ব। অসমৰ জলবায়ু পৰিৱেশৰ সৈতে খাপ খাবলৈ সক্ষম হ’লে পুনৰ অনাৰ ব্যৱস্থা কৰিব।