গুৱাহাটী, ১ জুন: স্বৈৰাচাৰী নীতিৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭৭১ কৰ্মচাৰীক চাকৰিৰ পৰা বিজেপি চৰকাৰে চাটাই কৰাৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদৰ অংশ হিচাপে আজি এটি সঁজাতী দলে ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্হাৰ বিষয়ববীয়াক সাক্ষাৎ কৰি তেওঁলোকৰ হকে মাত মাতি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে অসম পৰিবহণ কৰ্মচাৰী সন্হাৰ পল্টন বজাৰস্হিত কাৰ্যালয়ত উপস্থিত হৈ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয়।
আলোচনাৰ সময়ত সন্হাৰ বিষয়ববীয়াসকলে চৰকাৰে বলপূৰ্বকভাৱে ৭৭১ কৰ্মচাৰীক চাকৰিৰ পৰা চাটাই কৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে। লগতে কেইবামাহলৈ দৰমহা অনাদায় কৰি ৰাখি পৰিবহণ বিভাগে পূৰ্বৰে পৰাই কৰ্মচাৰীসকলক হাৰাশাস্তি কৰি অহাৰ কথাও সন্হাৰ বিষয়ববীয়াসকলে অসম তৃণমূল কংগ্ৰেছৰ সঁজাতী দলটোক ক্ষোভ আৰু দুখেৰে অৱগত কৰায়।
অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা দিলীপ কুমাৰ শৰ্মাই ভুক্তভোগীসকলৰ কৰ্মচাৰীসকলৰ ন্যায্য প্ৰাপ্যৰ হকে বিভিন্ন মাধ্যমৰ জৰিয়তে দাবী উত্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। শৰ্মাই লগতে কৰ্মচাৰীসকলৰ সন্দৰ্ভত গ্ৰহণ কৰা অমানৱীয় সিদ্ধান্তৰ বাবে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। শৰ্মাই একাংশ কৰ্মচাৰীৰ সৈতে ভাৱ বিনিময় কৰি তেওঁলোকৰ হকে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত যুঁজ অব্যাহত ৰাখিব বুলি বক্তব্য ৰাখে।
আনহাতে যদি নিযুক্তিত কিবা অনিয়ম আছে, তেন্তে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীক গ্ৰেপ্তাৰ কৰি লৈ আহিবলৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক প্ৰত্যাহ্বান জনায়।
এই সন্দৰ্ভত পৰিবহণ কৰ্মচাৰী সন্হাৰ উদ্যোগত হ’বলগীয়া প্ৰতিবাদী কাৰ্যসূচীলৈ অসম তৃণমূল কংগ্ৰেছৰ সমৰ্থন কথা শৰ্মাই লগতে ঘোষণা কৰে।
সঁজাতী দলটোত শৰ্মাৰ লগতে কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছ, অসম তৃণমূল মহিলা কংগ্ৰেছ, কামৰূপ মহানগৰ জিলা তৃণমূল মহিলা কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে।