গুৱাহাটী, ১ জুনঃ খাৰঘূলিত যোৱা ২৫ মে’ত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্তৰ বাবে কামৰূপ (মহানগৰ) জিলা দণ্ডাধীশে গঠন কৰি দিয়া তদন্ত সমিতিয়ে অহা ৩ জুনৰ বিয়লি ২ বজাত খাৰঘূলিৰ জয়পুৰস্থিত জয়পুৰ প্ৰাথমিক বিদ্যালয় চৌহদত ৰাজহুৱা শুনানি গ্ৰহণ কৰিব৷ গতিকে সংশ্লিষ্ট সকলোকে উক্ত শুনানিত তদন্ত সমিতিৰ সন্মুখত ভাষ্য প্ৰদান কৰিবলৈ তদন্ত সমিতিৰ অধ্যক্ষ তথা অতিৰিক্ত জিলা দণ্ডাধীশ অজিত কুমাৰ শৰ্মাই আহ্বান জনাইছে৷