গুৱাহাটীৰ ছবিগৃহ সমূহত পূজাৰ মাজতে হঠাৎ বন্ধ কৰি দিয়া হৈছিল ‘ব্ৰিজ’ৰ দৰ্শনী ৷ ১৯টাকৈ ৰাষ্ট্ৰীয়,আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি অসমৰ ছবিজগতলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা ছবিখনে ৪৬খনকৈ আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ সক্ষম হোৱা নিশ্চয়কৈ অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক গৌৰৱৰ বিষয় ৷
কিন্তু হঠাৎ গুৱাহাটীৰ ছবিগৃহসমূহত ছবিখনৰ দৰ্শনী বন্ধ কৰি দিয়াৰ ফলত ক্ষোভ প্ৰকাশ কৰি ছবিখনৰ পৰিচালক কৃপাল কলিতাই প্ৰশ্ন উত্থাপন কৰাৰ পিছতে ৰাইজৰ বিপুল দাবীত “ব্ৰিজ “ৰ পুনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ল বুলি ঘোষণা কৰা হয় যদিও এই ক্ষেত্ৰত এই মূহুৰ্তলৈকে কোনো ধৰণৰ নিশ্চিতি প্ৰদান কৰা হোৱা নাই বুলি জানিবলৈ দিয়ে ছবিখনৰ পৰিচালক কৃপাল কলিতাই ৷ আনহাতে তেওঁ ইয়াকো জনায় যে ছবিখনৰ প্ৰদৰ্শন সন্দৰ্ভত কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা মেইলৰো এতিয়ালকৈ কোনোধৰণৰ সহাৰি লাভ কৰা নাই পৰিচালকগৰাকীয়ে ৷ সেয়েহে অসমত ‘ব্ৰিজ’ৰ প্ৰদৰ্শনৰ ক্ষেত্ৰত কোনো সঠিক সমাধান পোৱা নাই বুলি অনুভৱ কৰিছে অসমৰ এগৰাকী স্বনামধন্য সাংস্কৃতিক কৰ্মী কৃপাল কলিতাই ৷
অৱশ্যে অতি শীঘ্ৰেই এই সন্দৰ্ভত এক যোগাত্মক সহাৰি লাভ কৰিব বুলিও আশাবাদী ‘ব্ৰিজ’ৰ পৰিচালক কৃপাল কলিতাৰ লগতে ছবিখনৰ সৈতে জড়িত অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলী সকল ৷