অসমবাসীৰ বাবে এক গৌৰৱৰ খবৰ ৷ আজিৰ পৰা অসমীয়া গামোচা কেৱল অসমীয়াৰ ৷ আজিৰ দিনটো সমগ্ৰ অসম বাসীৰ বাবে এটি গৌৰৱোজ্জ্বল দিন ৷ কিয়নো ভাৰত চৰকাৰৰ জি আই ৰেজিষ্ট্ৰিৰ পৰা অসমৰ গামোচাই লাভ কৰিলে ভৌগোলিক সূচাংক ৷ জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰ যোগেএই কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলে ৷
গামোচা, অসমৰ বাবে অসমীয়া জাতিৰ বাবে কেৱল মাত্ৰ এখন কাপোৰ নহয় ,ই অসমীয়া জাতিৰ পৰিচয় ,অসমীয়াৰ স্বাভিমান ৷ অসমীয়া শিপীনিৰ চেনেহৰ দীঘেৰে মৰমৰ বাণীৰে তাঁতশালত ফুলি উঠে বহু ফুলাম সপোন ৷ সমগ্ৰ বিশ্বৰ য’তেই নাথাকক কিয় গামোচাখন দেখা পালেই আবেগিক হয় প্ৰতিগৰাকী অসমীয়া আৰু এই গামোচাই এইবাৰ স্বীকৃতি লাভ কৰিলে যে গামোচা কেৱল অসমৰ ,কেৱল অসমীয়াৰ ৷
অৱশেষত ভাৰতৰ চৰকাৰৰ পৰা অসমীয়া গামোচাই লাভ কৰিলে ভৌগোলিক স্বীকৃতি ৷ সামগ্ৰী পঞ্জীয়ন আৰু সুৰক্ষা আইন ১৯৯৯ৰ অধীনত অসমৰ গামোচাই ভাৰত চৰকাৰৰ জি আই ৰেজিষ্ট্ৰিৰ পৰা লাভ কৰা এই ভৌগোলিক সূচাংকই আজি গৌৰৱান্বিত কৰিছে প্ৰতিজন অসমীয়াকে ৷