হেপাহৰ ৰঙালী বিহুৰ প্রাক্মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এক সুখবৰ। আন্তঃৰাষ্ট্ৰীয় পর্যায়ত পুনৰ সুখ্যাতি অর্জন কৰিছে এগৰাকী অসম সন্তানে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ উপদেষ্টা হিচাপে শপত ল’লে অসম সন্তান ডঃ ৰূপম শর্মাই ৷ হোৱাইট হাউছৰ প্ৰেছিডেন্সিয়েল ফেল’ৰ উপৰি তেওঁ স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে মঙলবাৰে শপত গ্ৰহণ কৰে । ৱাশ্বিংটন ডি চিত কালি শপত গ্ৰহণ কৰা ড° শৰ্মাক অহা ১৪ এপ্রিলত ৰঙালী বিহুৰ দিনাই আনুষ্ঠানিকভাৱে আদৰণি জনাব হোৱাইট হাউছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি জ’ বাইডেনে কেন্সাৰ, এলজেইমাৰ, ডায়েবেটিছ তথা অন্যান্য ৰোগ নিৰ্মূলৰ বাবে নতুনকৈ গঠন কৰিছে এই স্বাস্থ্য গৱেষণা সংস্থাটো। আমেৰিকাৰ নেচনেল ইনষ্টিটিউট অব হেলথৰ অধীনত গঠন হোৱা এডভান্স বিছাৰ্চ প্রজেক্টছ এজেন্সি ফৰ হেল্থ নামৰ এই নতুন স্বাস্থ্য গবেষণা সংস্থাটোৰ জ্যেষ্ঠ উপদেষ্টা আৰু মুখ্য তথ্য বিষয়া হিচাপে নিৰ্বাচিত হৈছে আমেৰিকা নিবাসী অসমৰ সু-সন্তান ড° ৰূপম শৰ্মা। তেওঁ এই নিযুক্তিৰ পূৰ্বে কেলিফ নিয়াৰ স্বাস্থ্য উন্নয়ন সেৱাৰ মুখ্য প্রযুক্তি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ এপ’ল’ আৰু ষ্টার্টআপত ডিজিটেল ৰূপান্তৰ আৰু বিশ্বৰ আন্তঃগাঁথনিৰ নেতৃত্ব দিছিল। ডাটা আধুনিকীকৰণ, কৃত্রিম বুদ্ধিমত্তা আৰু স্বাস্থ্য গৱেষণাৰ ওপৰত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত সেৱা আগবঢ়োৱা ২৫ বছৰীয়া অভিজ্ঞতা আৰু দক্ষতাৰ বাবেই শেহতীয়াভাৱে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ এগৰাকী জ্যেষ্ঠ উপদেষ্টা হিচাপে নিৰ্বাচিত হৈছে। যোৰহাট আৰু গোলাঘাট চৰকাৰী বালক বিদ্যালয়ত অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰা ড° ৰূপম শৰ্মাই যোৰহাট জে বি কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পাচতে তেওঁ ‘যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী গ্ৰহণ কৰি আমেৰিকালৈ ৰাওনা হয়। আমেৰিকাতেই তেওঁ কম্পিউটাৰ বিজ্ঞান আৰু ব্যৱস্থাপনা বিষয়ত পৃথকে পৃথকে গ্ৰহণ কৰে স্নাতকোত্তৰ ডিগ্রী। আনহাতে
কৃত্রিম বুদ্ধিমত্তা আৰু অটিজিমৰ ওপৰত গৱেষণা কৰি লাভ কৰে ডক্টৰেট ডিগ্রী। মন কৰিবলগীয়া যে ড° ৰূপম শৰ্মাৰ চলচ্চিত্ৰ আৰু সংগীত জগতৰ প্রতিও আছে বহু উল্লেখনীয় অৱদান। এজন অসমীয়া হিচাপে ড° ৰূপম শৰ্মাই অসমীয়া কলা-সংস্কৃতিৰ প্ৰসাৰৰ বাবে আন্তর্জাতিক পর্যায়ত বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে। শাস্ত্ৰীয় সংগীতৰো শিল্পী ড° শৰ্মাই বিশ্বত শাস্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে তিনি শতাধিক বিভিন্ন বাদ্যযন্ত্র একেলগে প্রায় পাঁচশ শিল্পীৰ সহায়ত পৰিবেশন কৰি এক বিশ্ব অভিলেখো গঢ়ি থৈছে। সংগীত আৰু চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ইতিমধ্যে তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন বঁটা লাভ কৰিছে। শেহতীয়াভাৱে অসমৰ সু-সন্তান ড° ৰূপম শৰ্মাই আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সন্মানীয় উপদেষ্টা পদত নিযুক্তি লাভ কৰাৰ খবৰে সৰ্বত্ৰ ৰাজ্যৰ জনতাক উৎফুল্লিত কৰি তুলিছে। জানিব পৰামতে মার্কিন যুক্তৰাষ্ট্ৰই বছৰজোৰা বিভিন্ন প্ৰক্ৰিয়াৰ যোগেদি হেজাৰ হেজাৰ বিশেষজ্ঞৰ মাজৰ পৰা এনে উপদেষ্টা নিৰ্বাচিত কৰে। আমেৰিকা নিবাসী ড° ৰূপম শৰ্মা যোৰহাট চহৰৰ ৰজামৈদাম নিউ কলনিৰ প্ৰয়াত বলীনাৰায়ণ শৰ্মা আৰু ৰুণু শৰ্মাৰ পুত্ৰ।