কলিয়াবৰত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ছুপাৰে মহতিয়াই নিলে এগৰাকী পথচাৰীক। ব্যক্তিগৰাকীক সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে ।গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন ছুপাৰে মহতিয়াই নিয়ে পথচাৰীজনক।
কলিয়াবৰ আৰক্ষী চকীৰ অন্তৰ্গত চতিয়ালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে উক্ত দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত গুৰুতৰভাৱে ভাৱে আহত হয় বৰুৱাচুকৰ ভুৱন বৰা নামৰ এজন লোক। প্ৰথম অৱস্থাত গুৰুতৰভাৱে আহত ভুৱন বৰাক জখলাবন্ধা হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মূৰত গুৰুতৰ ভাৱে আঘাত পোৱাৰ বাবে সংকটজনক অৱস্থাত তেওঁক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।
জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰা এ এছ টি চি ছুপাৰ বাছখনৰ নম্বৰ এ এছ-২০-১৫৪৪। বৰ্তমান জখলাবন্ধা আৰক্ষীৰ জিম্মাত বাছসহ বাহনখনৰ চালক ৷