আঠজন লোকৰ সৈতে ১২০০ ফুট উচ্চতাত আবদ্ধ হৈ পৰিল এখন ‘কেবল কাৰ’ । এই ঘটনাই পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি আৱদ্ধ হৈ পৰা যাত্ৰীসকলৰ ভিতৰত ছয়টা শিশু আছে। স্থানীয় লোকে এই ধৰণৰ ‘কেবল কাৰ’ক দূৰৱৰ্তী পাহাৰীয়া গাঁৱৰ সৈতে যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে।
খাইবাৰ পখতুনখোৱাৰ প্ৰশাসনিক বিষয়া আব্দুল বছিত খানে সংবাদমাধ্যমক জনোৱা মতে, প্ৰথম অৱস্থাত এই ঘটনা যান্ত্ৰিক বিজুতিৰ বাবে হোৱা বুলি ধাৰণা কৰা হৈছিল। কেবল কাৰখন মাজবাটত থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। এজন অভিযন্তাই দাবী কৰে যে ‘কেবল কাৰ’খন থকা কেবলৰ সমস্যাৰ বাবেই এই ঘটনা সংঘটিত হৈছে। অৱশ্যে এই ঘটনাৰ সঠিক কাৰণৰ তদন্ত চলি আছে বুলি বছিত খানে জানিবলৈ দিয়ে।
উদ্ধাৰ অভিযানৰ বাবে দেশৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাক নিয়োজিত কৰা হৈছে । সেনাৰ হেলিকপ্টাৰকো সহায়ৰ বাবে লৈ যোৱা হৈছে। দুৰ্যোগ সঁহাৰি বাহিনীয়ে জনোৱা মতে, হঠাতে এখন ‘কেবল কাৰ’ হাজাৰ ফুটতকৈও অধিক উচ্চতাত আবদ্ধ হৈ পৰাত আবদ্ধ যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। আৱদ্ধ যাত্ৰীসকলৰ ভিতৰত আছে একাংশ স্কুলীয়া ছাত্ৰ-ছাত্ৰীও। উদ্ধাৰকাৰী দলটোৱে জনোৱা মতে, ‘কেবল কাৰ’খন আবদ্ধ হৈ পৰা ঠাইখন অতি দুৰ্গম পাহাৰীয়া অঞ্চল। মাটিৰ পৰা উচ্চতাও অতি ওখ। ফলত উদ্ধাৰ অভিযানত কিছু সময়ৰ প্ৰয়োজন হ’ব ৷
খাইবাৰ পাখতুনখোৱাৰ শীৰ্ষ বিষয়া হাম্মাদ হাইদৰে কয়, ‘সেনাবাহিনীৰ পৰা সহায় বিচৰা হৈছে। হেলিকপ্টাৰ অবিহনে এই উদ্ধাৰ অভিযান সম্ভৱ নহয়।”