মণিপুৰৰ ন’ন জিলাত সংঘটিত হৈছে এক ভয়াৱহ বাছ দুৰ্ঘটনা। বুধবাৰে পুৱা এখন স্কুল বাছ দ’ খাৱৈত বাগৰি পৰে। এই দুর্ঘটনাত কমেও ১৫ গৰাকী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি কেইবাজনো লোকৰ মৃত্যু হৈছে।
প্ৰশাসনৰ সূত্ৰ অনুসৰি এই দুৰ্ঘটনাত বহু ছাত্ৰ-ছাত্ৰী আহত হয়। ইয়াৰে কিছুমানৰ অৱস্থা গুৰুতৰ। ফলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। প্ৰথম অৱস্থাত পাহাৰীয়া পথটোত চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, থৌবাল জিলাৰ ‘থাম্বলনু উচ্চতৰ মাধ্যমিক বিদ্যালয়’ য়াৰিপকৰ ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা দুখন বাছ শৈক্ষিক ভ্ৰমণৰ বাবে খোপুমলৈ গৈ আছিল। সেই সময়ত বিষ্ণুপুৰ-খোপাম পথৰ লংছাই টুবং অঞ্চলত সংঘটিত হৈছিল এই দুৰ্ঘটনা। ঠেক খাৱৈৰ পৰা তললৈ বাছখন বাগৰি পৰে। তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু স্থানীয় ৰাইজে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ কাম আৰম্ভ কৰে।