বহুতে পৃথিৱী ভ্ৰমণ কৰাৰ সপোন দেখে ৷ কিন্তু সকলো মানুহৰ সেই সপোন বাস্তৱায়িত নহয় ৷ কিছুমান মানুহে আৰ্থিকভাৱে সক্ষম নহয় আৰু বহুতে দৈনন্দিন ব্যস্ততাৰ পৰা সময় উলিয়াই বিদেশ ভ্ৰমণ কৰিব নোৱাৰে। দহ বছৰীয়া অদিতি ত্ৰিপাঠী নামৰ কিশোৰী গৰাকীয়ে ইতিমধ্যে ৫০খন দেশ ভ্ৰমণ কৰিছে। লণ্ডনৰ গ্ৰীণউইচৰ বাসিন্দা অদিতি আচলতে এজন প্ৰবাসী ভাৰতীয়। তেওঁৰ বয়সত যেতিয়া আন ১০ জন ল’ৰা-ছোৱালীয়ে নিজৰ ডায়েৰীত বিদেশ ভ্ৰমণৰ তালিকা লিখি আছে, তেতিয়া অদিতি বিদেশ ভ্ৰমণত ব্যস্ত। কিন্তু বিদেশ ভ্ৰমণৰ বাবে তেওঁ স্কুল এদিনো খটি কৰা নাই ৷সেয়া কেনেকৈ সম্ভৱ হ’ল?
অদিতিৰ পিতৃ-মাতৃ দীপক আৰু অভিলাষাই নিবিচাৰে অদিতিৰ পঢ়া-শুনাত ভ্ৰমণৰ প্ৰভাৱ পৰিব। গতিকে অদিতিৰ পিতৃ-মাতৃয়ে স্কুলৰ দীঘলীয়া বন্ধৰ সময়ত যেনে শীতকালীন ছুটী, গ্ৰীষ্মকালীন ছুটী আৰু যদি কোনো বন্ধ শনিবাৰ-দেওবাৰত পৰে তেন্তে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে। শুকুৰবাৰে স্কুল ছুটীৰ পিছত বিমানত উঠিলে, স্কুল খোলাৰ দিনা অদিতি পোনে পোনে বিমানবন্দৰৰ পৰা স্কুললৈ যায় ৷ তিনি বছৰ বয়সত নাৰ্চাৰী স্কুলত পঢ়ি থকাৰ পৰাই অদিতিয়ে দেশ ভ্ৰমণ কৰি আহিছে। কভিড আৰম্ভ হোৱাৰ পূৰ্বে এবছৰত অদিতিৰ পৰিয়ালে একেলগে মুঠ ১২খন দেশ ভ্ৰমণ কৰিছিল। নেপাল, ভাৰত আৰু থাইলেণ্ডৰ বিভিন্ন সংস্কৃতিৰ প্ৰতি আকৰ্ষিত অদিতি। ইতিমধ্যে অদিতিয়ে এছিয়া আৰু ইউৰোপৰ অধিকাংশ দেশ ভ্ৰমণ কৰিছে।
বিদেশ ভ্ৰমণৰ বাবে ধন সঞ্চয় কৰিবলৈ অদিতিৰ পিতৃ-মাতৃয়ে অতি সামান্য দৈনন্দিন জীৱন যাপন কৰে। অদিতিৰ পিতৃ-মাতৃয়ে ঘৰৰ পৰাই কাম কৰে, অৰ্থাৎ ঘৰৰ পৰাই অফিচৰ কাম কৰিব পাৰে। গতিকে পৃথিৱীৰ কোনো প্ৰান্তৰ পৰা কাম কৰিবলৈ তেওঁলোকৰ কোনো অসুবিধা নহয়। জীয়েকৰ সৈতে বিদেশ ভ্ৰমণ, তাত থকা খাদ্যৰ সোৱাদ লোৱাটো তেওঁলোকৰ নিচা বুলি ক’ব পাৰি।