ইউৰোপৰ বিভিন্ন দেশত চেটাকোচিছ বা ‘পেৰ’ট ফিভাৰ’ বা “ভাটৌ জ্বৰ” সংক্ৰমণ ঘটিছে । বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি অষ্ট্ৰিয়া, ডেনমাৰ্ক, জাৰ্মানী, ছুইডেন আৰু নেদাৰলেণ্ডত ‘পেৰ’ট ফিভাৰ’ত ৫জন লোকৰ মৃত্যু হৈছে। প্ৰাথমিক খবৰ অনুসৰি এই ৰোগ প্ৰধানকৈ আক্ৰান্ত চৰাইৰ পৰা বিয়পি পৰিছে। যোৱা বছৰৰ শেষৰ পৰা সমগ্ৰ ইউৰোপতে এই সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে।
ছিটাকোচিছ ৰোগত আক্ৰান্ত হ’লে প্ৰধানকৈ ৰোগীৰ হাওঁফাওঁত সংক্ৰমণ আৰম্ভ হয়। এই ৰোগ ক্লেমীডোফিলা ছিট্যাকি (Chlamydophila psittaci) নামৰ এবিধ বেক্টেৰিয়াৰ দ্বাৰা হয়। এই বেক্টেৰিয়া সাধাৰণতে চৰাইৰ শৰীৰত পোৱা যায়। যেতিয়া মানুহ চৰাইৰ সংস্পৰ্শলৈ আহে তেতিয়া চৰাইৰ পৰা মানুহলৈ বেক্টেৰিয়া স্থানান্তৰিত হ’ব পাৰে। ঘৰত পোহনীয়া চৰাই থকা, খেতিপথাৰত কাম কৰা, ফলৰ বাগিচাত কাম কৰা লোকৰ এই সংক্ৰমণৰ আশংকা বেছি।
কি কি লক্ষণ দেখা যায়?
১. মূৰৰ বি
২. অতিপাত জ্বৰ
৩. কপঁনি
৪. গাঁঠিৰ বিষ
৫. পেশীৰ বিষ
৬. শুকান কাহ
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ক্লেমীডোফিলা ছিট্যাকি শৰীৰত প্ৰৱেশ কৰাৰ পাঁচৰ পৰা ১৪ দিনৰ পিছত ছিটাকোছিছ ৰোগৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। সময়মতে ধৰা পৰিলে কিছুমান এন্টিবায়টিক ঔষধ ব্যৱহাৰ কৰি এই ৰোগ প্ৰতিৰোধ কৰা সম্ভৱ বুলি চিকিৎসকে কয়। সময়মতে ঔষধ খালে ৰোগীৰ হাওঁফাওঁত সংক্ৰমণ নিউমোনিয়াৰ পৰ্যায়ত উপনীত হ’ব নোৱাৰে। চিকিৎসকে কয় যে এই বেক্টেৰিয়া এজনৰ শৰীৰৰ পৰা আন এজনৰ শৰীৰলৈ পোনপটীয়াকৈ সংক্ৰমিত হ’ব নোৱাৰে।