৩১ অক্টোবৰৰ দিনা দেওবাৰে বিয়লি ৪ বজাত পাঞ্জাবাৰীৰ জুৰিপাৰৰ জীয়াজুৰি বিবাহভৱনত আগন্তুক দীপাৱলীৰ প্ৰাকক্ষণত বেজবৰুৱা বৃদ্ধসেৱা সংস্থা অসমৰ উদ্যোগত গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালৰ বাৰ্ণকেয়াৰ ফাউণ্ডেচনৰ সহযোগত জুয়ে পোৰা আঘাত আৰু দেৱালীৰ আতচবাজিৰ পৰা হ’ব পৰা পৰিবেশ প্ৰদূষণ প্ৰতিৰোধ বিষয়ক এখন সজাগতা সভা সফলতাৰে অনুষ্ঠিত হৈ যায়।অতিমাৰী ক’ভিড-১৯ প্ৰতিৰোধৰ চৰকাৰী নিষেধাজ্ঞা অনুসৰি শতাধিক লোকৰ সমাবেশত অনুষ্ঠিত হোৱা সভাখনিত ৰাজ্যিক সভানেত্ৰী ড°শিখা বেজবৰুৱা গোস্বামী, উপসভাপতি মহেশ্বৰ বৰা, কোষাধ্যক্ষ ধৰ্মনাৰায়ণ বৰদলৈ উপস্থিত থাকে।মুখ্য অতিথি হিচাপে নেমকেয়াৰ হস্পিতালৰ জুয়ে পুৰা বিভাগৰ জেষ্ঠ চিকিৎসা বিষয়া,বাৰ্ণ বিশেষজ্ঞ ডাঃভূপেন্দ্ৰ প্ৰসাদ শৰ্মা আৰু কণিষ্ঠ স্বাস্থ্য বিষয়া ডাঃদীপক শৰ্মা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।অনুষ্ঠানটিৰ আঁত ধৰে গীতাশ্ৰী ভৰদ্বাজে আৰু সভাৰ উদ্দেশ্যে বাখ্যা কৰে ধৰ্ম নাৰায়ণ বৰদলৈয়ে।সভানেত্ৰী ড°শিখা বেজবৰুৱা গোস্বামীয়ে আদৰণি ভাষণত সংস্থাৰ উদ্যোগত বৃদ্ধসকলৰ পৰিচৰ্যা আৰু নিসংগ অৱস্থাৰ সকাহৰ ওপৰিও আন আন সমাজকল্যাণমূলক কাৰ্যসূচীৰ ভিতৰত এনধৰণৰ সজাগতামূলক কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰে। ভাষণ প্ৰদানৰ পিছতেই সম্বৰ্দ্ধনা অনুষ্ঠান সম্পন্ন কৰা হয়।ড°শিখা বেজবৰুৱা গোস্বামীয়ে ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা আৰু ডাঃ দীপক শৰ্মাক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়।ইয়াৰ পিছতেই ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই ভাষণ আৰু প্ৰজেক্টৰৰ জৰিয়তে জুঁই পোৰা আঘাত আৰু প্ৰতিৰোধ সম্পৰ্কে বিশদ বাখ্যা ডাঙি ধৰে। আতচবাজিৰ পৰা হ’ব পৰা প্ৰদূষণৰ বিষয়ে বক্তব্য আগবঢ়ায় আৰু কেনেকৈ আতচবাজিৰ ব্যৱহাৰ নকৰাকৈ অথবা কম ব্যৱহাৰৰেৰে উদযাপন কৰিব পাৰি বিতংকৈ বুজাই কয়।তেখেতক সহযোগ কৰে ডাঃ দীপক শৰ্মা, অচিন্ত ডেকা আৰু মৃদুল দাসে।ডাঃ দীপক শৰ্মাৰ চমু ভাষণৰ পিছতেই উপসভাপতি মহেশ্বৰ বৰাই শলাগৰ শৰাই আগবঢ়ায় আৰু সভাৰ সামৰণি পৰে।