VOICE 24x7
Friday, May 27, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

বেজবৰুৱা বৃদ্ধসেৱা সংস্থাৰ উদ্যোগত জুৰিপাৰস্থ জীয়াজুৰি বিবাহ ভৱনত সজাগতা সভা সম্পন্ন:

জুয়ে পোৰা আঘাত আৰু দেৱালীত প্ৰদূষণ প্ৰতিৰোধ বিষয়ক সজাগতা সভা:

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 1, 2021
in মুখ্য সংবাদ, সমাজ
বেজবৰুৱা বৃদ্ধসেৱা সংস্থাৰ উদ্যোগত  জুৰিপাৰস্থ জীয়াজুৰি বিবাহ ভৱনত সজাগতা সভা সম্পন্ন:
0
SHARES
1
VIEWS
Share on FacebookShare on Twitter

৩১ অক্টোবৰৰ দিনা দেওবাৰে বিয়লি ৪ বজাত পাঞ্জাবাৰীৰ জুৰিপাৰৰ জীয়াজুৰি বিবাহভৱনত আগন্তুক দীপাৱলীৰ প্ৰাকক্ষণত বেজবৰুৱা বৃদ্ধসেৱা সংস্থা অসমৰ উদ্যোগত গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালৰ বাৰ্ণকেয়াৰ ফাউণ্ডেচনৰ সহযোগত জুয়ে পোৰা আঘাত আৰু দেৱালীৰ আতচবাজিৰ পৰা হ’ব পৰা পৰিবেশ প্ৰদূষণ প্ৰতিৰোধ বিষয়ক এখন সজাগতা সভা সফলতাৰে অনুষ্ঠিত হৈ যায়।অতিমাৰী ক’ভিড-১৯ প্ৰতিৰোধৰ চৰকাৰী নিষেধাজ্ঞা অনুসৰি শতাধিক লোকৰ সমাবেশত অনুষ্ঠিত হোৱা সভাখনিত  ৰাজ্যিক সভানেত্ৰী ড°শিখা বেজবৰুৱা গোস্বামী, উপসভাপতি মহেশ্বৰ বৰা, কোষাধ্যক্ষ ধৰ্মনাৰায়ণ বৰদলৈ উপস্থিত থাকে।মুখ্য অতিথি   হিচাপে নেমকেয়াৰ হস্পিতালৰ জুয়ে পুৰা বিভাগৰ  জেষ্ঠ চিকিৎসা বিষয়া,বাৰ্ণ বিশেষজ্ঞ ডাঃভূপেন্দ্ৰ প্ৰসাদ শৰ্মা আৰু কণিষ্ঠ স্বাস্থ্য বিষয়া ডাঃদীপক শৰ্মা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।অনুষ্ঠানটিৰ আঁত ধৰে গীতাশ্ৰী ভৰদ্বাজে আৰু সভাৰ উদ্দেশ্যে বাখ্যা কৰে ধৰ্ম নাৰায়ণ বৰদলৈয়ে।সভানেত্ৰী ড°শিখা বেজবৰুৱা গোস্বামীয়ে আদৰণি ভাষণত সংস্থাৰ উদ্যোগত বৃদ্ধসকলৰ পৰিচৰ্যা আৰু নিসংগ অৱস্থাৰ সকাহৰ ওপৰিও আন আন সমাজকল্যাণমূলক কাৰ্যসূচীৰ ভিতৰত এনধৰণৰ সজাগতামূলক কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰে। ভাষণ প্ৰদানৰ পিছতেই সম্বৰ্দ্ধনা অনুষ্ঠান সম্পন্ন কৰা হয়।ড°শিখা বেজবৰুৱা গোস্বামীয়ে ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মা আৰু ডাঃ দীপক শৰ্মাক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায়।ইয়াৰ পিছতেই ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাই ভাষণ আৰু প্ৰজেক্টৰৰ জৰিয়তে জুঁই পোৰা আঘাত আৰু প্ৰতিৰোধ সম্পৰ্কে বিশদ বাখ্যা ডাঙি ধৰে। আতচবাজিৰ পৰা হ’ব পৰা প্ৰদূষণৰ বিষয়ে বক্তব্য আগবঢ়ায় আৰু কেনেকৈ আতচবাজিৰ ব্যৱহাৰ নকৰাকৈ অথবা কম ব্যৱহাৰৰেৰে উদযাপন কৰিব পাৰি বিতংকৈ বুজাই কয়।তেখেতক সহযোগ কৰে ডাঃ দীপক শৰ্মা, অচিন্ত ডেকা আৰু মৃদুল দাসে।ডাঃ দীপক শৰ্মাৰ চমু ভাষণৰ পিছতেই উপসভাপতি মহেশ্বৰ বৰাই শলাগৰ শৰাই আগবঢ়ায় আৰু সভাৰ সামৰণি পৰে।

Previous Post

এইবাৰ বিবাহ পাশত আৱদ্ধ হ’ব অভিনেতা ৰাজকুমাৰ ৰাও

Next Post

ভাৰতৰ বিভিন্ন ৰাজ্যত অসম ভৱন নিৰ্মাণৰ কাম আৰম্ভ

Related Posts

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন  টিভি অভিনেতাৰ হত্যাত জড়িত
মুখ্য সংবাদ

কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন টিভি অভিনেতাৰ হত্যাত জড়িত

May 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 27, 2022
বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ
মুখ্য সংবাদ

বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ

May 26, 2022
Next Post
ভাৰতৰ বিভিন্ন ৰাজ্যত অসম ভৱন নিৰ্মাণৰ কাম আৰম্ভ

ভাৰতৰ বিভিন্ন ৰাজ্যত অসম ভৱন নিৰ্মাণৰ কাম আৰম্ভ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

May 27, 2022
কিমান  টকা হ্ৰাস পালে  সোণৰ মূল্য?

কিমান টকা হ্ৰাস পালে সোণৰ মূল্য?

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7