দিপাৱলী উপলক্ষে আজি দৃষ্টিননন্দন হৈ উঠিব হিন্দু ধর্মৰ অন্যতম পবিত্ৰ স্থান অযোধ্যা। দ্বীপোৎসৱৰ লগত সংগতি ৰাখি 9 লাখ মাটিৰ চাকি আজি জ্বলোৱা হব অযোধ্যাত। 2022 চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত যোগী আদিত্যনাথ চৰকাৰৰ এয়া হৈছে সৰ্ববৃহৎ দ্বীপোৎসৱ ।
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী জি কিষান ৰেড্ডী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব এই অনুষ্ঠানত। দ্বীপোৎসৱ সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে উত্তৰ প্ৰদেশ চৰকাৰে। দ্বীপোৎসৱৰ অন্যতম আকৰ্ষণ হৈছে 500 খন দ্ৰোনেৰে আকাশত প্রদর্শন কৰিবলগীয়া বিশেষ এৰিয়েল শ্ব’।
যত দ্ৰোণৰ জৰিয়তে লেজাৰ লাইটৰ সহায়ত প্রদর্শন কৰা হব ৰামায়ণৰ কাহিনী। তদুপৰি 3 ডি হলোগ্রাফিক শ্ব’, 3 ডি প্ৰজেকচন শ্ব’ আৰু লেজাৰ শ্ব’ হৈছে সৰযু নদীৰ পাৰত অনুষ্ঠিত হবলগীয়া দ্বীপোৎসৱৰ অন্যতম আকর্ষণ। আজি অতি কমেও 7.51 লাখ মাটিৰ চাকি জ্বলাই গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভূক্তিৰ চেষ্টা চলাব উত্তৰ প্ৰদেশ চৰকাৰে।
দ্বীপোৎসৱ সুকলমে অনুষ্ঠিত কৰিবলৈ নিয়োগ কৰা হৈছে প্ৰায় বাৰ হেজাৰ স্বেচ্ছাসেৱক। ৰাম মনোহৰ লোহিয়া আৱাধ বিশ্ববিদ্যালয়ৰ অধিকাংশ শিক্ষাৰ্থীক এই কাৰ্যসূচীত নিয়োগ কৰা হৈছে। সৰযু নদীৰ পাৰৰ উপৰি চহৰ খনৰ মঠ- মন্দিৰ সমূহত প্ৰায় 3 লাখ চাকি জ্বলোৱা হব। 2017 চনৰ পৰা এই উৎসৱ পালন কৰি আহিছে যোগী আদিত্যনাথ চৰকাৰে।