এদল লোকে হৰিণা চিকাৰ কৰি মাংসৰে ভোজ খোৱা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজস্থানত ৷ ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাত চিকাৰীৰ দলটোৱে আৰক্ষী আৰু বন বিভাগক মুকলি প্ৰত্যাহ্বান জনায় ৷ ঘটনাৰ এটা ভিডিঅ’ পোহৰলৈ অহাত বিষ্ণুই জনগোষ্ঠী আৰু বন্যপ্ৰাণী সংৰক্ষণবিদসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে । সোমবাৰে এই ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহে।
ভিডিঅ’টোত এটা হৰিণ চিকাৰ কৰি গছৰ ডালত ওলমাই ৰখা দেখা গৈছে। ইয়াৰ পিছত ছালখন আঁতৰাই মাংস কাটি ৰান্ধি খোৱাৰ দৃশ্য দেখা যায় ৷ভিডিঅ’টো চোৱাৰ পাছত আৰক্ষীয়ে প্ৰথমে অনুমান কৰিছিল যে এই ঘটনা লুনি থানাৰ পান্নে সিং নগৰ অঞ্চলৰ কালিজালৰ সমীপত সংঘটিত হৈছে। ভিডিঅ’টো চাই অভিযুক্তক চিনাক্ত কৰাৰ চেষ্টা চলাইছে আৰক্ষীয়ে।
বিষ্ণুই টাইগাৰ ফৰ্চে অভিযুক্তক শাস্তি প্ৰদানৰ দাবী জনাইছে। আৰক্ষী আয়ুক্ত, সংমণ্ডল বন বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰে। লগতে হৰিণৰ সুৰক্ষাৰ বচাবলৈ অঞ্চলটোৰ বিশেষ নিৰাপত্তা বাহিনীৰ দাবী উত্থাপন কৰিছে। বিষ্ণুই টাইগাৰ ফৰ্চৰ মুৰব্বী ৰাম পাল ভৱৰে কয়, ‘অহা দুদিনত দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব ৷ বৃহস্পতিবাৰে জিলা দণ্ডাধীশৰ কাৰ্যালয়ত এক প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰা হ’ব।”
বন্যপ্ৰাণী সুৰক্ষা কৰ্মী ওম প্ৰকাশে কয় যে যোধপুৰ-বৰমেধ সীমান্তত চোৰাং চিকাৰীৰ মুক্ত চলাচল আৰম্ভ হৈছে। দীৰ্ঘদিন ধৰি অঞ্চলটোত ০০৯ নামৰ এটা চোৰাং চিকাৰী গোট সক্ৰিয় হৈ আছে। সেই দলটোৱে হৰিণ চিকাৰ কৰি আছে। একেটা দলৰ সদস্য ভবানী সিঙে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত মুকলি কৰি আৰক্ষীক প্ৰত্যাহ্বান জনাইছে।