চাৰিদিনীয়া ভাৰত ভ্ৰমণৰ উদ্দেশ্যৰে বুধবাৰে বিয়লি আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজ। সবৰমতী আশ্ৰমত কিছু সময় কটোৱাৰ পিছত তেওঁ ৰাজভৱনত উপস্থিত হয় আৰু ৰঙৰ উৎসৱ ফাকুৱাত অংশ লয়। আজি পুৱা মটেৰা ষ্টেডিয়ামত ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট খেল উপভোগ কৰি মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বাণিজ্যিক বৈঠকত অংশগ্ৰহণ কৰিব অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে। নিশা নতুন দিল্লীত উপস্থিত হ’ব আলবানিজ।
ছবছৰৰ অন্তত এজন অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী ভাৰতলৈ আহিছে । দেশত উপস্থিত হোৱাৰ পূৰ্বে আলবানিজে এই ভ্ৰমণক ‘গুৰুত্বপূৰ্ণ’ বুলি অভিহিত কৰি কয় , ‘মই ভাৰতলৈ ব্যৱসায়িক প্ৰতিনিধি দল লৈ যাম আৰু ই এক অতি গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক ভ্ৰমণ হ’বলৈ গৈ আছে। আমাৰ লক্ষ্য হৈছে সম্পৰ্ক উন্নত কৰা আৰু সহযোগিতাৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰণ কৰা। ইয়াৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱাডৰ নেতাসকলৰ সৈতে বৈঠকত অষ্ট্ৰেলিয়ালৈ আহিব আৰু তাৰ পিছত মই জি-২০ শীৰ্ষ সন্মিলনৰ বাবে ভাৰতলৈ যাম।”
অষ্ট্ৰেলিয়াৰ ব্যৱসায়িক প্ৰতিনিধি দলটোৱে মুম্বাইত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়া-ইণ্ডিয়া চিইঅ’ ফ’ৰামত অংশগ্ৰহণ কৰি শেহতীয়াকৈ অষ্ট্ৰেলিয়া-ভাৰত অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তিৰ জৰিয়তে মুক্ত বাণিজ্য আৰু বিনিয়োগৰ সুযোগ আৰু ভৱিষ্যত বিনিয়োগৰ বিষয়ে আলোচনা কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। যিটো বৰ্তমানৰ covid আৰু যুদ্ধৰ পিছৰ অসুস্থতাৰ অৰ্থনীতিত অতি গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে। আলবানেজৰ সৈতে থাকিব বাণিজ্য আৰু পৰ্যটন মন্ত্ৰী ডন ফেৰেল, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধি দলৰ সদস্যসকল।