আইএছে সংঘটিত কৰা কাবুল এয়াৰপৰ্টৰ ঘটনাত মৃতকৰ সংখ্যা প্ৰায় ১৭০ জনলৈ বৃদ্ধি পালে।ইয়াৰ ভিতৰত ১৩ জন মাৰ্কিন সেনাও আছে।ইছলামীক ষ্টেত চমুকৈ আই এছে শুক্ৰবাৰে কাবুল বিমান বন্দৰৰ বাহিৰত দুটাকৈ আত্মঘাতী আক্ৰমণ চলোৱাৰ লগতে প্ৰচণ্ড গুলীবৰ্ষণো কৰিছিল।
ঘটনা অনুসৰি তালিবানে আফগানিস্তান দখল কৰাৰ পিছত আফগান নাগৰিকে দেশ এৰি পলায়ন কৰিবৰ বাবে বিমান বন্দৰত উপস্থিত হোৱাৰ সময়তে আই এছে এই আত্মঘাতী আক্ৰমণ চলায়।তথ্য মতে আই এছৰ আত্মঘাতী বোমাৰুৱে কাবুল বিমান বন্দৰৰ বাহিৰত থকা বেৰেক কেম্পত প্ৰৱেশ কৰি এই বোমা বিস্ফোৰণ কৰে।
আমেৰিকা সেনাই পৰিচালনা কৰা এই কেম্পটোত হোৱা বিস্ফোৰণত অতি কমেও ৭২ জন লোক নিহত হোৱাৰ লগতে ১৪৩ জনতকৈ অধিক লোক আহত হ’য়।উল্লেখ্য যে এই আক্ৰমণত ১৩ জন মাৰ্কিন সেনা নিহত হোৱাৰ লগতে ১৮ জন আহত হ’য়।
এতিয়া এই আত্মঘাতী আক্ৰমণৰ পিছতেই পুনৰ কাবুল বিমান বন্দৰত আই এছে আক্ৰমণ কৰাৰ সম্ভাৱনা থকাত আমেৰিকা-গ্ৰেট ব্ৰিটেইনে সতৰ্কবাণী জাৰি কৰিছে।বিশেষকৈ আফগানিস্তানত থকা বিদেশী দূতাবাস সমূহত এলাৰ্ট জাৰি কৰা হৈছে।
ইফালে এই সমগ্ৰ ঘটনাক লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ৱাইডেনে উদ্বেগ প্ৰকাশ কৰি এই সঘটনাত জড়িত সকলো আক্ৰমণকাৰীক বিচাৰি উলিয়াই ইয়াৰ মূল্য পৰিশোধ লাগিব বুলি হুংকাৰ প্ৰদান কৰিছে।
হোৱাইট হাউচৰ অনুষ্ঠিত হোৱা এক সংবাদ মেলত দেশৰ নাগৰিকৰ সুৰক্ষা আৰু স্বাৰ্থৰ খাতিৰত দেশৰ সেনা বদ্ধপৰিকৰ আৰু ইয়াৰ বাবে কঠোৰতকৈ কঠোৰতম পদেক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে ৰাষ্ট্ৰপতিজনে।