বিহাৰৰ চাৰণ জিলাৰ ছপৰাত বিষাক্ত মদ সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৭১ জনলৈ বৃদ্ধি পাইছে ৷ ২০১৬ চনত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিহাৰত সুৰা নিষিদ্ধ কৰিছিল। সেই ৰাজ্যত মদ্যপান নিষিদ্ধ হোৱাৰ পাছতো বিহাৰত বিগত কেইবছৰমানৰ ভিতৰত বিষাক্ত সুৰা সেৱন কৰাৰ ফলত মৃত্যুৰ কেইবাটাও ঘটনা সংঘটিত হৈছে। ইয়াৰ ভিতৰত ছাপ্ৰাত সৰ্বাধিক লোকৰ মৃত্যু হৈছে।
ছাপ্ৰা কাণ্ডৰ দুদিনৰ ভিতৰতে বিহাৰৰ ছিৱানতো বিষক্ৰিয়াত ৫জন লোকৰ মৃত্যু হয়। শুকুৰবাৰে পুৱা ছিৱান জিলাৰ ভগবনপুৰ থানা এলেকাত সংঘটিত হয় এই ঘটনা।
ইতিমধ্যে ড্ৰাগছ কেলেংকাৰীক লৈ বিহাৰৰ ৰাজনীতি অস্থিৰ হৈ পৰিছে। নীতিশ চৰকাৰৰ বিৰুদ্ধে বিজেপিয়ে কেইবাটাও অভিযোগ উত্থাপন কৰিছে। আৰু ইয়াক লৈ বিহাৰ বিধানসভাত হুলস্থুলৰ সৃষ্টি হৈছে । বিধানসভাৰ বাহিৰত বিজেপিৰ নেতা-বিধায়কসকলেও প্ৰতিবাদ সাৱ্যস্ত কৰিছে ৷
অৱশ্যে এই ঘটনাত মুখ্যমন্ত্ৰী নীতিশে নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে। মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ বিৰোধী সকলে দাবী উত্থাপন কৰি তেওঁ কয় যে মদ সেৱন কৰি মৃত্যু হ’লে চৰকাৰে কোনো ক্ষতিপূৰণ নিদিয়ে।
তেওঁ লগতে দাবী কৰে যে নিষেধাজ্ঞাৰ পূৰ্বে আৰু পিছত বিহাৰত বিষক্ৰিয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাৰ মাজত তীব্ৰ পাৰ্থক্য দেখা গৈছে। তদুপৰি, নিষেধাজ্ঞাৰ পাছতো মদ খাই মৃত্যুমুখত পৰা সকলৰ কোনো দায়িত্ব চৰকাৰে নলয় বুলিও তেওঁ প্ৰকাশ কৰে ৷