VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাছিয়া –ইউক্ৰেইনৰ যুদ্ধই কিমান দিন অতিক্ৰম কৰিলে আপোনাৰ মনত আছেনে ? কিয়েভক লক্ষ্য কৰি ৰাছিয়াৰ সৰ্ববৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ! এইবাৰ ৰাজধানী দখল কৰিবলৈ আৰম্ভ চূড়ান্ত যুদ্ধ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 17, 2022
in মুখ্য সংবাদ
ৰাছিয়া –ইউক্ৰেইনৰ যুদ্ধই কিমান দিন অতিক্ৰম কৰিলে আপোনাৰ মনত আছেনে ? কিয়েভক লক্ষ্য কৰি ৰাছিয়াৰ সৰ্ববৃহৎ ক্ষেপণাস্ত্ৰ আক্ৰমণ! এইবাৰ ৰাজধানী দখল কৰিবলৈ আৰম্ভ চূড়ান্ত যুদ্ধ?
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধক লৈ বিশ্ববাসীয়ে উদ্বিগ্নতা প্ৰকাশ কৰি আহিছে ৷ দুয়োখন দেশৰ মাজৰ যুদ্ধই প্ৰভাৱ পেলাইছে বিশ্ব অর্থনীতিত ৷ দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধই কিমান দিন অতিক্ৰম কৰিলে মনত আছেনে ?  ৰাছিয়া-ইউক্ৰেইন যুদ্ধই  ২৯৫ টা দিন অতিক্ৰম কৰিলে ৷ তৎসত্বেও ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলাই আহিছে ৷শুকুৰবাৰে ৰাছিয়াই কিয়েভত সৰ্ববৃহৎ মিছাইল আক্ৰমণ চলায়। শুকুৰবাৰে নিশাৰ পৰা ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ ৰাজধানীত ৭০টাতকৈও অধিক ক্ৰুজ মিছাইল নিক্ষেপ কৰিছে। প্ৰচণ্ড শীত আৰু বৰফৰ মাজত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আক্ৰমণে চহৰখনৰ বিদ্যুৎ সেৱাত ব্যাঘাত জন্মাইছে। ইউক্ৰেইনৰ চৰকাৰী সূত্ৰই পশ্চিমীয়া সংবাদ মাধ্যমক জনোৱা মতে, “ব্লেকআউট”ৰ ফলত চহৰখনৰ পানী যোগান আৰু অন্যান্য সেৱাত প্ৰভাৱ পৰিছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে কেইমাহমান পূৰ্বে আশংকা প্ৰকাশ কৰিছিল যে ৰাছিয়াই শীতকালত নতুনকৈ বিধ্বংসী আক্ৰমণ চলাব পাৰে। দেশবাসীৰ আগত দিয়া ভাষণত তেওঁ কয় যে কম বিদ্যুৎ যোগানৰ কঠিন পৰিস্থিতিৰ বাবে আমি সকলোৱে সাজু হ’ব লাগিব।ইয়াৰ উপৰিও ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণৰ ফলত স্থানচ্যুত হোৱা ইউক্ৰেইনৰ নাগৰিকসকলৰ বাবে আশ্ৰয় শিবিৰ মুকলি কৰাৰ কথা ঘোষণা কৰা হৈছে ৷

শুকুৰবাৰে ইউক্ৰেইনে দাবী কৰিছিল যে শীতকালৰ ভিতৰত কিয়েভ দখল কৰাৰ বাবে প্ৰায় ২ লাখ ৰাছিয়ান সৈন্যই নতুন প্ৰস্তুতি আৰম্ভ কৰিছে। এই বাহিনীটোত কেইবাটাও নিৰ্বাচিত আৰ্টিলাৰী, টেংক আৰু সাজসজ্জিত বেটেলিয়ন আছে। ইউক্ৰেইনৰ সেনাৰ জেনেৰেল ভেলেৰী জালুজনীয়ে ব্ৰিটিছ সংবাদ মাধ্যমৰ আগত কয়, “নতুন বছৰৰ আৰম্ভণিতে প্ৰায় দুই লাখ ৰাছিয়ান সৈন্যই কিয়েভ দখলৰ বাবে যুঁজিবলৈ কৌশলগত প্ৰস্তুতি আৰম্ভ কৰিছে। অহা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই কৰা আক্ৰমণৰ এবছৰ পূর্তি হ’ব। তাৰ আগতে ৰাছিয়াই ৰাজধানী কিয়েভ দখল কৰিব বিচাৰিছে।“

ৰাছিয়াৰ সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰিবলৈ ভেলেৰীয়ে আন্তঃৰাষ্ট্ৰীয় বিশ্বক অস্ত্ৰ আৰু গোলাবাৰুদ যোগানৰ বাবে আহ্বান জনায়। তেওঁ কয় যে ৰাছিয়াৰ আক্ৰমণ প্ৰতিহত কৰাৰ ক্ষমতা তেওঁলোকৰ আছে। ৩০০খন টেংক, ৬০০-৭০০খন সাজসজ্জিত গাড়ী আৰু ৫০০টা হাউইটজাৰ বন্দুকৰ প্ৰয়োজন।

ইউক্ৰেইনৰ খেৰচন চহৰকে ধৰি কেইবাটাও অঞ্চলত ৰাছিয়াই নতুনকৈ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণ চলাইছে। খেৰচনত ৰাছিয়াৰ বিমান আক্ৰমণত নিহত হৈছে দুজন সাধাৰণ নাগৰিক। যুদ্ধৰ আৰম্ভণিতে ৰাছিয়ান সেনাই খেৰচন দখল কৰে যদিও নৱেম্বৰৰ আৰম্ভণিতে ইউক্ৰেইনৰ সেনাই পিছুৱাই যোৱাৰ বাবে খেৰচন পুনৰ ইউক্ৰেইনৰ হাতলৈ গৈছিল ৷

উত্তৰ-পূবত খাৰকিভ, দক্ষিণে জাপ’ৰিজিয়া, মাইকোলাইভ আৰু বিগত কেইমাহমানৰ ভিতৰত কেইবাটাও অঞ্চল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বাহিনীৰ হাতত হেৰুৱাইছে। দৰাচলতে বহু সামৰিক পৰ্যবেক্ষকে ৰাছিয়াৰ সেনাই আৰু কিমান দিন যুদ্ধ অব্যাহত ৰাখিব পাৰিব সেই লৈ সন্দেহ প্ৰকাশ কৰিছে। এই পৰিস্থিতিত ইউক্ৰেইনে অভিযোগ কৰিছে যে মস্কোৰ নিৰ্দেশত বিদ্যুৎ আৰু পানী যোগানৰ সুবিধাসমূহ নিৰ্বাচিতভাৱে লক্ষ্য কৰি লোৱা হৈছে। জেলেনস্কি চৰকাৰে অভিযোগ কৰিছিল যে ৰাছিয়াৰ সেনাৰ এই কাৰ্য আচলতে যুদ্ধাপৰাধ।

Previous Post

বিহাৰত বিষাক্ত সুৰা সেৱন মৃত্যু হোৱা লোকৰ সংখ্যা ৭১ লৈ বৃদ্ধি, সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ দায়িত্ব নলয় চৰকাৰে

Next Post

প্ৰস্ৰাৱ কৰিবলৈ ৰাস্তাত ৰখাওতেই বন্দুক দেখুৱাই লৈ গ’ল মার্চিডিচ গাড়ী, ক’ত ঘটিল এই ঘটনা !!

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
প্ৰস্ৰাৱ কৰিবলৈ ৰাস্তাত ৰখাওতেই বন্দুক দেখুৱাই লৈ গ’ল মার্চিডিচ গাড়ী, ক’ত ঘটিল এই ঘটনা !!

প্ৰস্ৰাৱ কৰিবলৈ ৰাস্তাত ৰখাওতেই বন্দুক দেখুৱাই লৈ গ’ল মার্চিডিচ গাড়ী, ক’ত ঘটিল এই ঘটনা !!

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7