দ্বিতীয় বাৰৰ বাবে গুৱাহাটীৰ মেয়ৰ হ’ব মৃগেন শৰণীয়া ৷ আজি আনুষ্ঠানিকভাৱে গুৱাহাটীৰ মেয়ৰ হিচাপে ঘোষণা কৰা হ’ল মৃগেন শৰণীয়াৰ নাম ৷ বিজেপিৰ হেঙেৰাবাৰীস্থিত কার্যালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত অনুষ্ঠিত এখন বৈঠকৰ পাছতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ঘোষণা কৰে মেয়ৰৰ নাম ৷ আনহাতে ডেপুটী মেয়ৰ হিচাপে ঘোষণা কৰা হৈছে স্মিতা ৰয়ৰ নাম ৷ শেহতীয়াকৈ অনুষ্ঠিত জি এম চি নির্বাচনত বিজেপিয়ে বিপুল ভোটত জয়লাভ কৰিছিল ৷ জি এম চি নির্বাচনত বিজেপিয়ে ৫৮ খন, এ জে পিয়ে ১ খন আৰু আপে ১ খন আসন লাভ কৰিছিল ৷