মহাৰাষ্ট্ৰৰ মন্ত্ৰী আদিত্য থাকৰেই আজি সন্ধিয়া অযোধ্যাৰ ৰাম মন্দিৰত পূজা-অর্চনা আগবঢ়াব ৷ ইয়াৰ পাছত তেওঁ সৰযু আৰতি পৰিদর্শন কৰিব ৷ থাকৰেই অযোধ্যাৰ হনুমান গড়ী মন্দিৰ আৰু লক্ষ্মণ কিল্লাও পৰিদৰ্শন কৰিব। নিশাৰ ভাগতে তেওঁ পুনৰ মুম্বাইলৈ ওভতি যাব ৷ মহাৰাষ্ট্ৰৰ যুৱ মন্ত্ৰী গৰাকীৰ এই ভ্ৰমণক লৈ কটাক্ষ কৰিবলৈ এৰা নাই বিজেপি নেতাসকলে ৷
বিজেপিৰ বিধায়ক নিতেশ ৰাণেই ঠাকৰেৰ অযোধ্যাৰ ৰাম মন্দিৰ ভ্ৰমণ সন্দৰ্ভত কঠোৰ সমালোচনা কৰে ৷ আদিত্য ঠাকৰেৰ নাম নোলোৱাকৈ ৰাণেই কয়- “এশ পাপ কৰাৰ পিছত মেউ মেউ কৰিবলৈ অযোধ্যালৈ গ’ল মেকুৰী ৷ “
सौ पाप करके बिल्ली meow meow करने अयोध्या चली !!😅😅😅
— nitesh rane (@NiteshNRane) June 15, 2022
আদিত্য থাকৰেক লক্ষ্য কৰি ৰানেই এই ” মন্তব্য কৰাটো এয়াই প্ৰথম নহয়। যোৱা বছৰৰ ডিচেম্বৰ মাহত তেওঁ মহাৰাষ্ট্ৰৰ বিধানসভা ভৱনত প্ৰৱেশ কৰাৰ সময়ত থাকৰেক লৈ বিৰূপ মন্তব্য কৰাৰ পিছত সেনা আৰু বিজেপিৰ মাজত এক ব্যাপক কাজিয়াৰ সূত্ৰপাত ঘটিছিল ৷ আদিত্য থাকৰেৰ অযোধ্যা ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে ৷ কিয়নো সেনাই ভৱিষ্যতৰ নেতা হিচাপে উপস্থাপন কৰিব বিচৰা ৩২ বছৰীয়া ঠাকৰেৰ এয়া প্ৰথম একক ভ্ৰমণ। হিন্দুত্ববাদী আইকন হিচাপে জনাজাত সেনাৰ পিতৃপুৰুষ বাল থাকৰেই ৰাজনীতিলৈ আনিছিল ৩২ বছৰীয়া যুৱক নেতাজনক ৷