অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ পুনৰ আন এক সুখবৰ। অসমৰ পৰা এইবাৰ তিনিখনকৈ ছবিয়ে বাচনি লাভ কৰিছে গোৱা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা শাখাত। আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱৰ এই শাখাত এইবাৰ অসমৰ বড়ো,ডিমাছা আৰু মিচিং ভাষাৰ তিনিখন ছবি প্ৰদৰ্শিত হব।বড়ো ভাষাৰ ছবি ছিজৌ, ডিমাছা ভাষাৰ ছবি ছেমখৰ আৰু মিচিং ভাষাৰ ছবি বুম্বা ৰাইড ইণ্ডিয়ান পেনোৰামা শাখাত অসমৰ পৰা বাচনি লাভ কৰিছে।
বড়ো ভাষাৰ ছবি ছিজৌ পৰিচালনা কৰিছে বিশাল পি চলিহাই। এই ছবিখন সম্পাদনা কৰিছে বিশাল শৰ্মাই। আনহাতে, অভিনেত্ৰী আইমী বৰুৱাই প্ৰথমবাৰৰ বাবে পৰিচালনা কৰিছে ছেমখৰ নামৰ ছবিখন। তেওঁ ছবিখনৰ মূল চৰিত্ৰত অভিনয়ো কৰিছে। আনহাতে, মিচিং ছবি বুম্বা ৰাইড পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই।ইণ্ডিয়ান পেনোৰামা শাখাত এইবাৰ দেশৰ বিভিন্ন ভাষাৰ মুঠ ২৫ খন ছবিয়ে বাচনি লাভ কৰিছে।অহা ২০ নবেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ এই ছবি মহোৎসৱ অনুষ্ঠিত হব