কর্পোৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত কেয়াৰ্ন অইল এণ্ড গেছ আৰু বেদান্ত লিমিটেডে গোলাঘাট নেটবল এছ’চিয়েশ্যনক ২৬ টা নেটবল জার্চি প্ৰদান কৰে । যোৱা ২৮ এপ্ৰিলত বৰপথাৰ টাউন কমিটিৰ কাৰ্যালয়ৰ সমীপৱৰ্তী বৰপথাৰত এই জার্চী বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। বিয়লি ৩.৩০ বজাৰ পৰা এন এম ভি টিৰ ক্ষেত্ৰ বিষয়া জোনালী শৰ্মাৰ ভাষণেৰে জার্চী বিতৰণ অনুষ্ঠান আৰম্ভ হয়। এই অনুষ্ঠানটো আয়োজন কৰাৰ উদ্দেশ্যৰ বিষয়ে তেওঁ ভাষণত চমুকৈ উল্লেখ কৰে ৷
তেওঁৰ ভাষণৰ পিছত বক্সাৰ লাভলীনা বুঢ়াগোহাঁই (বিশ্ব চেম্পিয়ন)ৰ প্ৰশিক্ষক প্ৰশান্ত দাসে কয় যে শিশুৰ মানসিক আৰু শাৰীৰিক দুয়োটা দিশতে সৰ্বাংগীন বিকাশৰ বাবে ক্ৰীড়াৰ প্ৰয়োজন ৷ তদুপৰি তেওঁ কয় যে বৰপথাৰ আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহত বাস কৰা শিশুসকলৰ ক্ৰীড়াৰ ক্ষেত্ৰত ভাল সম্ভাৱনা আৰু দক্ষতা আছে যদিও আন্তঃগাঁথনি আৰু আৰ্থিক অৱস্থাৰ অভাৱত তেওঁলোক পিছ পৰি আছে । এই সভাত বেদান্তৰ অজয় বেজবৰুৱাইও অংশগ্ৰহণ কৰে। খেলুৱৈসকলক ২৬ টা জার্চী বিতৰনেৰে এই কার্যসূচীৰ সামৰণি পৰে ৷