ৰক্তচাপৰ দৰে ডায়েবেটিছও এতিয়া প্ৰায় প্ৰতিটো পৰিয়ালতে দেখা যায় । দীৰ্ঘদিন ধৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা কম নহয়। শাৰীৰিক ব্যায়ামৰ অভাৱ, অনিয়মিত জীৱনশৈলীৰ বাবে ডায়েবেটিছে গোপনে শৰীৰত বাহ লয় ৷ তেজত শর্কৰাৰ পৰিমাণ বাঢ়িছে, অৰ্থাৎ খোৱা-বোৱা অনিয়ন্ত্ৰিত হৈছে । ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ কেইবাটাও নিয়ম মানি চলাটো জৰুৰী। তেজৰ শর্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ গ্ৰহণ কৰা হয়। কিন্তু বহুতে হয়তো নাজানে, কেঁচা পিঁয়াজ ডায়েবেটিছ নিয়ন্ত্ৰণত এক ফলপ্ৰসূ আহিলা হ’ব পাৰে। নেচনেল লাইব্ৰেৰী অৱ মেডিচিনত প্ৰকাশিত এক তথ্য অনুসৰি টাইপ ২ ডায়েবেটিছ ৰোগীয়ে যদি একেৰাহে ৪ সপ্তাহ খাদ্যৰ সৈতে কেঁচা পিঁয়াজ খাব পাৰে তেন্তে তেজত উপবাসে থকা শর্কৰাৰ মাত্ৰা হ্ৰাস কৰা সম্ভৱ। আন এক গৱেষণাৰ মতে কেঁচা পিয়াঁজ নিয়মীয়াকৈ সেৱন কৰিলে একাংশ লোকৰ টাইপ ১ ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পৰা যায়।
ডায়েবেটিছ নিয়ন্ত্ৰণত পিঁয়াজে কেনেদৰে সহায় কৰে?
১) পিঁয়াজত প্ৰচুৰ পৰিমাণে আঁহ থাকে। তেজৰ শর্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত পিঁয়াজ অতি ফলপ্ৰসূ। ডায়েবেটিছ হ্ৰাস কৰাৰ উপৰিও পিঁয়াজত থকা এন্টিঅক্সিডেণ্টে কলেষ্টেৰল নিয়ন্ত্ৰণতো সহায় কৰে।
২) পিঁয়াজত শর্কৰাৰ পৰিমাণ কম। ফলত ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে সহজে পিঁয়াজ খাব পাৰে। ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে কাৰ্বহাইড্ৰেটযুক্ত খাদ্য নাখাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। পিঁয়াজতো কাৰ্বহাইড্ৰেট একেবাৰেই নাথাকে।
৩)যিবোৰ খাদ্যৰ গ্লাইচেমিক ইনডেক্স (GI) বেছি, মধুমেহ ৰোগ হ’লে খাব নালাগে। পিঁয়াজৰ গ্লাইচেমিক সূচকাংক অতি কম। ফলত তেজত চেনিৰ মাত্ৰা বেছি হ’লেও পিঁয়াজে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
ইয়াৰ উপৰিও পিঁয়াজত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে আৰু ই হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ সক্ষম হয়। বিভিন্ন গৱেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে তেজত থকা বেয়া কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা সম্ভৱ। কেৱল সেয়াই নহয়, ৮ সপ্তাহলৈ দৈনিক ১০০ গ্ৰাম পিঁয়াজ খালে ঔষধ অবিহনে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পৰা যায় বুলি কোৱা হয়।