এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৷ বর্তমানৰ ৰাজ্যিক এন আৰ চি সমন্বয়ক হিতেশ দেৱশর্মাই হাজেলাৰ বিৰুদ্ধে তৰিছে এই গোচৰ ৷ শুকুৰবাৰে হাজেলাৰ বিৰুদ্ধে চি আই ডিত বর্তমানৰ সমন্বয়কজনে চাৰি পৃষ্ঠাজোৰা এজাহাৰ দাখিল কৰে ৷ য’ত হাজেলাৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ আঁসোৱাহপূর্ণ ছফটৱেৰৰ ব্যৱহাৰ কৰি সন্দেহযুক্ত নাগৰিক, বিদেশী, অযোগ্য ব্যক্তিক ভাৰতীয় নাগৰিক হিচাপে নাম অন্তৰ্ভুক্ত কৰাৰ বহু চাঞ্চল্যকৰ দিশ উন্মোচিত হৈছে এই এজাহাৰখনত ৷
ইয়াৰ জৰিয়তে এন আৰ চিৰ তেতিয়াৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে ৰাষ্ট্ৰবিৰোধী কার্যকলাপত লিপ্ত হৈ দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি নমাই অনা বুলিও এজাহাৰখনত অভিযোগ কৰা হৈছে। বিশেষকৈ, পৰিয়াল বৃক্ষ পুনৰীক্ষণ, লিগেচী ডাটা ক’ড নতুনকৈ পৰীক্ষা কৰাৰ সময়ত বহু বিদেশী, সন্দেহযুক্ত নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ বিস্ফোৰক তথ্য লাভ কৰা বুলি হিতেশ দেৱ শর্মাই প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে বাঘবৰৰ ২৯টা, কলগাছিয়াৰ ৬টা আৰু দলগাঁৱৰ ৬টা এন আৰ চি সেৱা কেন্দ্ৰৰ লিগেচী ডাটা ক’ড পৰীক্ষা কৰা হৈছিল। এই এন আৰ চি সেৱা কেন্দ্ৰকেইটাৰ ২,৩৪৬টা লিগেচী ডাটা ক’ড পৰীক্ষা কৰোতে পোহৰলৈ আহে যে ইয়াৰে ১৭৫টা নাম ভুলকৈ নাইবা অশুদ্ধভাৱে এন আৰ চিত অন্তৰ্ভুক্ত কৰা হৈছে। ভুৱা তথ্য দাখিলেৰে এই নামসমূহ এন আৰ চিত অন্তৰ্ভুক্ত কৰা হৈছিল বুলিও চি আই ডিত দাখিল কৰা এজাহাৰত উল্লেখ কৰা হৈছে ৷
কামৰূপ জিলাৰ ছমৰীয়া ৰাজহ এন আৰ চিত নাম অন্তর্ভুক্ত হোৱা ৩০,৭৯১ গৰাকী ব্যক্তিৰ তথ্য গৰাকী ব্যক্তিৰ ৭,৪৪৬ গৰাকী এন আৰ চিত অন্তর্ভুক্ত হোৱাৰ বাবে অযোগ্য বুলি প্ৰমাণ হৈছে। এইসকল ব্যক্তিৰ ভিতৰত আঠগৰাকী ঘোষিত বিদেশী, দুগৰাকী ঘোষিত বিদেশীৰ সন্তান আৰু ১৯ গৰাকী সন্দেহযুক্ত ভোটাৰৰ আছে বুলি জানিব পৰা গৈছে ৷ প্রতীক হাজেলাৰ কাৰ্যকালত এন আৰ চিৰ এনে বহু বিসংগতি এজাহাৰখনত উল্লেখ কৰি বৰ্তমানৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে ইয়াৰ আঁৰত পৰিকল্পিত ষড়যন্ত্র থকা বুলিও আশংকা ব্যক্ত কৰা হৈছে ।