তুৰস্ক আৰু ছিৰিয়াত মৃতকৰ সংখ্যা হ্ৰাস পোৱাৰ কোনো ইংগিত পোৱা নাই। ভূমিকম্পত বিধ্বস্ত তুৰস্কত উদ্ধাৰ অভিযান অব্যাহত আছে ৷ সেই দেশৰ সেনাবাহিনীৰ মতে, মূলতঃ ক্ষতিগ্ৰস্ত চহৰৰ ধ্বংসাৱশেষত শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। সোমবাৰে পুৱা প্ৰথমটো ভূমিকম্পৰ পিছত শনিবাৰে পুৱালৈকে তুৰস্ক আৰু ছিৰিয়াত কমেও ২৪ হাজাৰ লোকৰ মৃত্যু হৈছে। এই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
ভাৰতীয় সেনাৰ উদ্ধাৰকাৰী দলে তুৰস্ক সেনাৰ সৈতে হাত মিলাই উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰিছে। মূলতঃ ভাৰতীয় দলৰ প্ৰচেষ্টাত শুকুৰবাৰে নিশা এগৰাকী ৮ বছৰীয়া কিশোৰীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়। বৰফ আৰু অত্যন্ত ঠাণ্ডাৰ বাবে উদ্ধাৰ অভিযান বাৰে বাৰে ব্যাঘাত হৈছে । দুয়োখন দেশৰ কমেও ৮ লাখ ৭০ হাজাৰ লোকলৈ সাহায্য প্ৰেৰণ কৰিব লাগিব। কেৱল ছিৰিয়াতে প্ৰায় ৫ লাখ লোকে ঘৰ-দুৱাৰ হেৰুৱাইছে।
তুৰস্কৰ বিভিন্ন চহৰৰ হোটেল মালিকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চহৰ হাটাইলৈ গৰম খাদ্য প্ৰেৰণ কৰিছে ৷ তাত তেওঁলোকে অস্থায়ী শিবিৰ সাজি বিনামূলীয়া খাদ্যৰ ব্যৱস্থা কৰিছে ৷ শুকুৰবাৰে জীৱিত অৱস্থাত উদ্ধাৰ হোৱা এজনে কয় যে তেওঁ ৩ দিন নিজৰ প্ৰস্ৰাৱ খাই জীয়াই আছে । আন এজন ব্যক্তিয়ে কয় যে তেওঁ ধ্বংসাৱশেষৰ ভিতৰত পৰি আছিল আৰু উদ্ধাৰকাৰী দলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গীত গাইছিল।