কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআইয়ে) ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভাতৃ অগ্ৰসেন গেহলটৰ যোধপুৰৰ বাসগৃহত তালাচী চলোৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশতে এক তীব্ৰ খলকনিৰ সৃষ্টি হৈছে ৷ বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে আজি পুৱা চিবিআইয়ে অগ্ৰসেন গেহলটৰ বাসগৃহত এই তালাচী অভিযান চলাইছে৷
উল্লেখযোগ্য যে পূৰ্বতেও অগ্ৰসেন গেহলটৰ ঘৰত ইডিয়ে তালাচী চলাইছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চিবিআইৰ এই অভিযান ৰাহুল গান্ধীৰ বাবে দিল্লীত অশোক গেহলটে চলোৱা প্ৰতিবাদৰ প্ৰতিফলন বুলিও ক’ব খোজা হৈছে । শুক্ৰবাৰে ৰাতিপুৱা চিবিআইৰ এটা দল অগ্ৰসেন গেহলটৰ ঘৰত উপস্থিত হয়। উক্ত দলটোৰ ৫ জন বিষয়া দিল্লীৰ আৰু ৫ জন বিষয়া যোধপুৰৰ বুলি জানিব পৰা গৈছে। পাৱটাস্থিত তেওঁৰ দোকানতো উপস্থিত হৈছে চিবিআইৰ এটা দল ।