কিছু সপ্তাহৰ বিৰতিৰ অন্তত শেহতীয়াকৈ পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে মণিপুৰত। ৰাজধানী ইম্ফলৰ চেকন অঞ্চলত দুটা গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে ৷ এই সংঘর্ষ বন্ধ কৰিবলৈ সেনা আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে হৈছে। নতুনকৈ জাৰি কৰা হৈছে সান্ধ্য আইন।
আৰক্ষীৰ সূত্ৰ অনুসৰি চেকন বজাৰৰ মেইটেই আৰু কুকি জনগোষ্ঠীৰ একাংশ লোকৰ মাজত সৃষ্টি হোৱা সংঘর্ষই গুৰুতৰ ৰূপ ধাৰণ কৰে ৷ প্ৰথমতে দুয়োপক্ষৰ মাজত কাজিয়া হৈছিল। ইয়াৰ পিছত লাঠি আৰু অন্যান্য অস্ত্ৰৰে সংঘৰ্ষ আৰম্ভ হয়। আহত হয় কেইবাজনো লোক। বজাৰখনৰ কেইবাখনো দোকানত জুই লগাই দিয়া হয়।
যোৱা ৩ মে’ত জনজাতি ছাত্ৰ সংগঠন ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’ (আটছুম)ৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি মণিপুৰত অশান্তিৰ সৃষ্টি হয়। চৰকাৰৰ তথ্য মতে, খিলঞ্জীয়া মেইটেই জনগোষ্ঠীৰ সৈতে কুকি, জো, আৰু অন্যান্য জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ ফলত ৰাজ্যখনত ৭৩ জন লোকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত লোকৰ সংখ্যা প্ৰায় ৩০০। হিংসাত্মক ঘটনাৰ বাবে ২৫ হাজাৰৰো অধিক লোক গৃহহীন হৈছে!
প্ৰসংগক্ৰমে মণিপুৰ উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ ৰাজ্য চৰকাৰক মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো বিবেচনা কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কার্যসূচী ৰূপায়ন কৰা হয় ৷ প্ৰতিবাদী কার্যসূচীৰ পৰাই উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপি শাসিত ৰাজ্যখনত সংঘাত আৰম্ভ হৈছিল।