১২৫ বছৰে অনুষ্ঠিত কৰি অহা গুৱাহাটী মহানগৰৰ পশ্চিম প্ৰান্তৰ বৰঝাৰ বিমান বন্দৰৰ সমীপৰ বেলোৰগুৰি ৰাইজ গয়ৰহৰ শ্ৰীশ্ৰী ফলহাৰিণী কালিকা পূজা আৰু শ্ৰীশ্ৰী মহাবিষ্ণু পূজাৰ মহাৰজত জয়ন্তী ৪-৬ জুনত ৩ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে । ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংসদ কুইন ওজা, বিধায়কদ্বয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু হেমাংগ ঠাকুৰীয়াক মুখ্য উপদেষ্টা, যতীন নাথক সভাপতি, ৰাজেন নাথ, হৰকান্ত নাথ, মহিমা নাথক কাৰ্যকৰী সভাপতি, কমল কলিতা, হিতেশ নাথ, গোলক নাথক সম্পাদকত্ৰয় হিচাপে লৈ এখনি শক্তিশালী কাৰ্যকৰী সমিতি গঠন কৰা হৈছে । কাৰ্যসূচী অনুসৰি ৪ জুনৰ পুৱা ৫ বজাত ঊষা কীৰ্তন লগতে ভাগৱত স্থাপনৰ অন্তত ৮ বজাত মহাৰজত জয়ন্তীৰ মুখ্য দ্বাৰ মুকলি কৰিব গুৱাহাটী বিমানকোঠ মণ্ডল বিজেপিৰ সভাপতি পদ্মেশ্বৰ মজুমদাৰে । ৮-৩০বজাত ক্ৰমে বিষ্ণুধ্বজা আৰু কালিধ্বজা উত্তোলন কৰিব গুৱাহাটী এয়াৰপোৰ্টৰ চি এ অ’ উৎপল বাদল বৰুৱা আৰু জ্যোতিষ আচাৰ্যী প্ৰবীণ নাথে । ৯বজাত শ্ৰদ্ধাঞ্জলি স্থানত বন্তি প্ৰজ্বলন কৰিব বেলোৰগুৰি ৰাইজ গয়ৰহৰ সভাপতি বীৰেণ নাথে, পুষ্পাঞ্জলি অৰ্পণ কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন নাথে । ১০ বজাত ধৰ্মীয় শোভাযাত্ৰা মুকলি কৰিব উদযাপন সমিতিৰ সভাপতি যতীন নাথে । দিনৰ এক বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা অগ্ৰণী চিন্তাবিদ দীপক শৰ্মাই । ইয়াৰ পিছতে ভাগৱত পাঠ আৰু বিশ্লেষণ অনুষ্ঠানত অংশ ল’ব শৰৎ ঠাকুৰীয়া, মহেশ মহন্ত, গৌৰী নাথ আৰু প্ৰদিনী বৰুৱাই । সন্ধিয়া ৬-৩০ বজাত মহাৰজত জয়ন্তীৰ ১২৬ গছি বন্তি প্ৰজ্বলন কৰিব ভিন-ভিন প্ৰান্তৰ ১২৬ জন অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী, আৰক্ষী বিষয়া, অধিবক্তা, গাঁওপ্ৰধান, সত্ৰাধিকাৰ, চিকিৎসক, সাংবাদিক আদিয়ে । ৭বজাত ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ মুকলি কৰিব প্ৰফুল্লা নাথে ।ইয়াৰ পিছতে নলবাৰীৰ বৈজয়ন্তী তালুকদাৰৰ দলৰ নাগাৰা নামৰ লগতে সত্ৰীয়া নৃত্য আদি প্ৰদৰ্শন কৰা হ’ব । ৫ জুনৰ পুৱাৰে পৰা শ্ৰীশ্ৰী মহাবিষ্ণু প্ৰভুৰ লগতে শ্ৰীশ্ৰী মা ফলহাৰিণী কালিকা দেৱীৰ মাংগলিক পূজা অৰ্চনা অনুষ্ঠিত হ’ব । নিশা ৯-১০ বজাত ধৰ্মীয় সাংস্কৃতিক মঞ্চ মুকলি কৰিব সনৎ নাথে । ইয়াৰ পিছতে দৰঙৰ কুসুম দেৱীৰ দলৰ নাগাৰা নামৰ লগতে বিচিত্ৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব । ৬ জুনৰ পুৱা ১০বজাত ৰাজহুৱা আলোচনা, সন্ধিয়া ৬বজাত সম্বৰ্দ্ধনা অনুষ্ঠানৰ পিছতে সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব অৱসৰপ্ৰাপ্ত অভিযন্তা কমল চন্দ্ৰ ঠাকুৰীয়াই । অনুষ্ঠানত বাবু বৰুৱা, চুমি দাস, দীপাংকৰ চৌধুৰী, গাৰ্গী দাস আদিয়ে গীত পৰিবেশন কৰিব লগতে ভিন-ভিন কৃষ্টি -সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব । কেওদিনৰ সকলো কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে ।