যোৱা ১৩ নৱেম্বৰত মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত প্ৰাণ ত্যাগ কৰা বীৰ শ্বহীদ অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হৈ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। ইপিনে, শ্বহীদ গৰাকীৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।
শ্বহীদ গৰাকীৰ মহান ত্যাগক সন্মান জনাই সকলো সময়তে সহযোগিতাৰ প্ৰতিশ্ৰুতিৰে পৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থিক সাহয্যও আগবঢ়ায় মুখ্যমন্ত্ৰী গৰাকীয়ে । স্থানীয় লোকৰ অনুৰোধৰ প্ৰতি সন্মান জনাই থেকেৰাকুছি কাঁহিবাৰী গাঁৱৰ পথছোৱা শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত উৎসৰ্গা কৰা হ’ব বুলিও ঘোষণা কৰে ডঃ হিমন্ত বিশ্ব শৰ্মাই।
লগতে শ্বহীদগৰাকীয়ে অধ্যয়ন কৰা হিৰিম্বা বড়ো উচ্চ বিদ্যালয়ত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে।এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীক সংগ প্ৰদান কৰে মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়ক শজয়ন্ত মল্ল বৰুৱা, শভূপেন বড়ো, লৰেন্স ইছলাৰী আৰু জিৰণ বসুমতাৰীয়ে। ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হৈছিল শ্বহীদ গৰাকীৰ শেষকৃত্য।