অসম মাধ্যমিক শিক্ষা সংসদে অহা ২৫ নৱেম্বৰৰ পৰা ৰাজ্যত মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ বাবে প্ৰ পত্ৰ পূৰণ আৰম্ভ হ’ব বুলি নিৰ্দেশনা জাৰি কৰিছে।
শিক্ষা সংসদৰ পৰ্টেলৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব। তেওঁলোকৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডসমূহ নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সৈতে একেই থাকিব বুলি জানিবলৈ দিয়ে। কোনো ছাত্ৰ ছাত্ৰীয়ে আইডি বা পাছৱৰ্ড পাহৰিলে বা হেৰুৱালে সংসদৰ ৱেবছাটত যোগাযোগ কৰি পুনৰ লাভ কৰিব পাৰিব।
পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীৰ পৰীক্ষাৰ মাচুল হৈছে সৰ্বমুঠ ১১০০ টকা। ইয়াৰে পৰীক্ষাৰ বাবদ ৬৫০ টকা, পৰীক্ষা কেন্দ্ৰৰ বাবদ ৩০০ টকা আৰু ব্যৱহাৰিক পৰীক্ষাৰ বাবদ ১৫০ টকা।
অৱশ্যে যিসকল ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ বছৰি আয় দুই লাখ টকাতকৈ কম, তেওঁলোকক পৰীক্ষাৰ মাচুলৰ পৰা ৰেহাই দিয়া হৈছে।
অহা ২৫ নবেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈকে আবেদন মুকলি থাকিব। শেষৰ পৰ্যায়লৈ ৰৈ নাথাকি ছাত্ৰ ছাত্ৰীসকলক সোনকালে আবেদনসমূহ পূৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। মাচুল জমা দিয়াৰ অন্তিম তাৰিখ ২১ ডিচেম্বৰ।
উল্লেখযোগ্য যে এইবাৰ ছমহীয়া পৰীক্ষাত অনুপস্থিত থকা ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত বহিব নোৱাৰিব বুলি অসম মাধ্যমিক শিক্ষা সংসদে পূৰ্বেই জাননী জাৰি কৰিছিল।