ভাৰতৰ শীৰ্ষ শিশু অধিকাৰ সংস্থা ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ(এনচিপিচিআৰ)-এ ৰাষ্ট্ৰসংঘৰ শিশু জৰুৰীকালীন পুঁজি (ইউনিচেফ)ৰ সৈতে কাম নকৰিবলৈ ৰাজ্য চৰকাৰসমূহক নির্দেশ দিছে ৷ তেওঁলোকে দাবী কৰিছে যে আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে “নিজৰ পৰিসৰৰ বাহিৰৰ” কাৰ্য্যকলাপৰ সৈতে জড়িত। ,
২০২২ চনৰ ৭ ডিচেম্বৰত সকলো ৰাজ্যৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ প্ৰধান সচিবলৈ লিখা এখন পত্ৰত এনচিপিচিআৰৰ অধ্যক্ষ প্ৰিয়াংক কানুনগ’ৱে কয় যে “আয়োগৰ ওচৰত দাখিল কৰা কেইবাটাও অভিযোগত উল্লেখ কৰা হৈছে যে ভাৰতত ইউনিচেফে নিজৰ পৰিসৰৰ বাহিৰলৈ গৈ বিভিন্ন সহযোগিতা আৰু কাৰ্য্যকলাপৰ সৈতে জড়িত হৈছে ৷”
পত্ৰখনত আৰু কোৱা হৈছে যে আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৱে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ (ডব্লিউ চি ডি) সন্মতি আৰু অনুমোদনৰ ভিত্তিতহে ভাৰতত কাম কৰাটো বাধ্যতামূলক। ২০১৭ চনত শিশু কল্যাণ সংস্থাটোৱে মন্ত্ৰালয়ৰ সৈতে স্বাক্ষৰ কৰা পাঁচ বছৰীয়া কান্ট্ৰী প্ৰগ্ৰেম একচন প্লেন (চিপিএপি) নবীকৰণ কৰাৰ প্ৰয়োজন আছে বুলিও তেওঁ কয় ৷
অৱশ্যে ইউনিচেফৰ ৱেবছাইটত উপলব্ধ এখন নথি অনুসৰি শেষৰটো চিপিএপি ২০১৮ চনত স্বাক্ষৰিত হৈছিল আৰু ২০২২ চনৰ জানুৱাৰীলৈকে ইয়াৰ ম্যাদ আছিল ৷
উল্লেখ্য যে কানুনগ’ৰ পত্ৰখনত দাবী কৰা হৈছে যে ইউনিচেফৰ প্ৰতিনিধি আৰু কৰ্মচাৰীসকল দেশৰ “দল, দলীয় সদস্য আৰু ৰাজনৈতিক কাৰ্যকলাপ”ৰ সৈতে জড়িত। এনচিপিচিআৰৰ সূত্ৰই জনোৱা মতে, শিশু অধিকাৰ সংস্থাটোৱে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য আৰু অন্যান্য কৰ্তৃপক্ষৰ সৈতে ইউনিচেফে কৰি থকা সকলো কামৰ তথ্য বিচাৰিছিল।
এনচিপিচিআৰৰ এজন জ্যেষ্ঠ কাৰ্যবাহীয়ে সংবাদমাধ্যমক কয় , “আমি আন্তঃৰাষ্ট্ৰীয় সংস্থাটোক অংশীদাৰ এন জিঅ’সমূহৰ তালিকাও প্ৰদান কৰিবলৈ কৈছিলোঁ ৷ লগতে তেওঁলোকৰ সৈতে যোৱা পাঁচ বছৰত কৰা সকলো কামৰ প্ৰতিবেদনও প্ৰদান কৰিবলৈ কৈছিলোঁ, কিন্তু ইউনিচেফে এতিয়াও এই তালিকা প্ৰদান কৰা নাই।” ডব্লিউ চি ডি মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে, এই তালিকা দাখিল কৰিব নোৱাৰাৰ বাবেই সময় উকলি যোৱাৰ পিছতো ইউনিচেফে চিপিএপি এতিয়াও নবীকৰণ কৰা নাই ৷
পত্ৰখনত এনচিপিচিআৰে এই কথাও উল্লেখ কৰিছে যে চিপিএপি নবীকৰণ নোহোৱা সত্বেও ৰাজ্য চৰকাৰসমূহে ইউনিচেফ-ইণ্ডিয়াৰ সৈতে বিভিন্ন কাম-কাজৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা বিষয়ে অৱগত কৰা হৈছে। ইয়াৰ পূৰ্বেও ইউনিচেফ-ইণ্ডিয়া আৰু এনচিপিচিআৰৰ মাজত সংঘাত হৈছিল। ২০২১ চনত দেশত সংঘটিত হোৱা মাৰাত্মক দ্বিতীয়টো ক’ভিড ঢৌৰ পিছত একাংশ ৰাজ্যই মহামাৰীৰ সময়ত অনাথ শিশুৰ সৈতে জড়িত তথ্য ইউনিচেফৰ সৈতে ভাগ-বতৰা কৰাৰ সময়ত আয়োগে আপত্তি উত্থাপন কৰিছিল।