হোমৱর্ক নকৰাৰ বাবেই এটি কণমানি শিশুক প্ৰচণ্ড ৰ’দত ঘৰৰ চাঁদত হাত ভৰি ৰঁচীৰে বান্ধি ৰখা কার্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনা সংঘটিত হৈছে দিল্লীত ৷ শিশুটিক এনেদৰে শাস্তি দিয়াৰ ভিডিঅ’ বুধবাৰে ইণ্টাৰনেটত ভাইৰেল হৈ পৰে ৷ ইয়াৰ পাছতে দিল্লী আৰক্ষীয়ে এই অমানুষিক কার্যৰ তদন্ত আৰম্ভ কৰে ৷ তেতিয়া পোহৰলৈ আহে যে শিশুটিক এনেদৰে বর্বৰ শাস্তি মাতৃয়ে প্ৰদান কৰিছিল ৷
আৰক্ষীয়ে সোধাপোচা কৰাত মাতৃগৰাকীয়ে কয় যে তেওঁ স্কুলৰ হোমৱৰ্ক সম্পূৰ্ণ নকৰাৰ বাবে তেওঁৰ কন্যাক ৫-৭ মিনিটৰ বাবে এনেদৰে শাস্তি দিছিল ৷ ওচৰৰ ঘৰৰ পৰা শ্বুট কৰা ২৫ ছেকেণ্ডৰ ভিডিঅ’টোত এগৰাকী মহিলাই কয় যে দুপৰীয়া প্ৰায় ২ বজাত প্ৰচণ্ড গৰমত শিশুটিক ছাদত থৈ দিয়া হৈছিল ৷ অৱশ্যে পৰৱর্তী সময়ত মাতৃয়ে শিশুটিক শাস্তি প্ৰদানৰ কৰা বুলি অৱগত হোৱাৰ পাছত আৰক্ষীয়ে তেওঁক ভৱিষ্যতে এনে নকৰিবলৈ পৰামর্স প্ৰদান কৰে ৷