বিশ্বজুৰি ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে ক্ৰমাৎ স্বাভাৱিক হৈছে জীৱনযাত্ৰা ৷ ক’ভিডৰ তিনিটাকৈ ঢৌৱে বিপর্যস্ত কৰাৰ পাছত সংক্ৰমণ হ্ৰাস পোৱাত সকলোৱে স্বস্তিৰ নিশ্বাস এৰিছে ৷ কিন্তু চীনৰ পৰা অহা এক দুখবৰে বিশ্ববাসীক পুনৰ শংকিত কৰি তুলিছে ৷ কিয়নো সমগ্ৰ বিশ্বতে ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ সময়তে অত্যন্ত দ্ৰুত গতিত ক’ভিডৰ সংক্ৰমন ঘটিছে চীনত ৷ বিগত দুবছৰৰ ভিতৰত আটাইতকৈ অধিক ক’ভিডৰ সংক্ৰমণৰ গ্ৰাসত পৰিছে চীন ৷ যাৰ বাবে কেইবাখনো চহৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে ভিন্ন প্ৰান্তত ঘোষণা কৰা হৈছে লকডাউন ৷
দেওবাৰে দেশখনত এটা দিনত ৩১০০জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৷ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে দেওবাৰে জনোৱা অনুসৰি একেৰাহে দুদিনৰ বাবে ১,০০০ জনকৈ নতুন ৰোগী চিনাক্ত হোৱাৰ পিছত, এই সংখ্যা ৩,১০০ তকৈও অধিক জনলৈ বৃদ্ধি পাইছে। এয়া দুবছৰৰ ভিতৰত সৰ্বাধিক।ইয়াৰে অধিকাংশ লোক ক’ভিডৰ অমিক্ৰন ভেৰিয়েন্টত আক্ৰান্ত হৈছে বুলি প্ৰকাশ কৰা হৈছে ৷
সংক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে চীনৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ লোক এতিয়া লকডাউনৰ অধীনত বাস কৰি আছে।ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ চীনা চৰকাৰে উচ্চ-প্ৰযুক্তিৰ শ্বেনঝেন চহৰখনত লকডাউন ঘোষণা কৰিছে ৷ চহৰখনৰ জনসংখ্যা ১৭ নিযুততকৈও অধিক। শেনঝেনত সোমবাৰৰ পৰা দেওবাৰলৈ বাছ আৰু মেট্ৰ’ সেৱা বন্ধ ৰখা হ’ব ৷ আনহাতে ৭ লাখ লোকে বাস কৰা ইয়াঞ্জিমত দেওবাৰে লকডাউন বলবৎ কৰা হৈছে ৷ ইফালে, ৯০ লাখ লোকে বাস কৰা ঔদ্যোগিক চহৰ চাংচুনত শুকুৰবাৰে বন্ধ কৰি দিয়া হৈছে ৷ আনহাতে ১ মাৰ্চৰ পৰা আন কেইখনমান চহৰ বন্ধ কৰি দিয়া হৈছে ৷
লকডাউনৰ উপৰিও, কৰ্তৃপক্ষই ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ বিদ্যালয়, ৰেষ্টুৰেণ্ট, মল আৰু অন্যান্য ৰাজহুৱা স্থানৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।উদাহৰণ স্বৰূপে, ছাংহাইত কৰ্তৃপক্ষই বিদ্যালয়, ব্যৱসায়, ৰেষ্টুৰেণ্ট আৰু মলসমূহ অস্থায়ীভাৱে বন্ধ কৰি দিছে। শনিবাৰে, জিলিন চহৰখন আংশিকভাৱে বন্ধ কৰি দিয়া হৈছিল