মার্কিন সদনৰ অধ্যক্ষ নেন্সি পেলোছিয়ে টাইৱান ভ্ৰমণ কৰাৰ পাছতে আমেৰিকাৰ বিৰুদ্ধে খর্গহস্ত হৈ পৰিছে চীন ৷ বাৰাম্বাৰ বাধা নেওচি পেলোছিয়ে টাইৱান ভ্ৰমণ কৰাৰ পাছতে একপ্ৰকাৰ ৰুদ্ৰ মূর্তি ধৰিছে চীনে ৷ আজি চীনৰ বৈদেশিক মন্ত্ৰালয়ে আমেৰিকাৰ সদনৰ অধ্যক্ষ নেন্সি পেলোছিৰ বিৰুদ্ধে নিষেধাজ্ঞা ঘোষণা কৰে ৷ মন্ত্ৰালয়ে কয় যে এই ভ্ৰমণৰ জৰিয়তে পেলোছিয়ে “চীনৰ আভ্যন্তৰীণ বিষয়ত গুৰুতৰভাৱে হস্তক্ষেপ কৰিছে আৰু চীনৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাক গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰিছে” ৷ যাৰ বাবে বেইজিঙে পেলোছি আৰু তেওঁৰ পৰিয়ালৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব ৷ অৱশ্যে তেওঁৰ বিৰুদ্ধে কি ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হ’ব সেয়া এতিয়াও ৰাজহুৱা কৰা নাই ৷
চীনে শেহতীয়াকৈ আমেৰিকাৰ কেইবাজনো বিষয়াৰ বিৰুদ্ধে নিষেধাজ্ঞা ঘোষণা কৰিছে ৷ চলিত বৰ্ষৰ মাৰ্চ মাহত চীনে প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ বিষয়াসকলৰ বিৰুদ্ধে ভিছা নিষেধাজ্ঞা আৰোপ কৰিছে ৷ চীনক জড়িত কৰি মানৱ অধিকাৰৰ বিষয়সমূহৰ ওপৰত মিছা অভিযোগ অনাৰ বাবে মার্কিন বিষয়াসকলৰ বিৰুদ্ধে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ বেইজিঙৰ শাসকীয় কমিউনিষ্ট পাৰ্টিয়ে স্বশাসিত, গণতান্ত্ৰিক টাইৱানক নিজৰ ভূখণ্ডৰ অংশ হিচাপে হিচাপে গণ্য কৰি আহিছে ৷