দেওবাৰে ভাৰতত অনুষ্ঠিত জি-২০ৰ গোপনীয় বৈঠকত উপস্থিত থকাৰ পৰা বিৰত থাকে চীন ৷ এক সূত্ৰই সদৰী কৰিছে এই কথা ৷ উল্লেখ্য যে চীনে তিব্বতৰ অংশ বুলি দাবী কৰা উত্তৰ-পূবৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰত এই বৈঠক অনুষ্ঠিত হৈছিল । ভাৰতে পূৰ্বতে এনে দাবী নাকচ কৰি অৰুণাচলক ইয়াৰ অবিচ্ছেদ্য অংগ বুলি প্ৰকাশ কৰি আহিছে ৷
ছেপ্টেম্বৰ মাহত দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ পূৰ্বে ৫০খন চহৰত পৰিকল্পিত কেইবাটাও অনুষ্ঠানৰ ভিতৰত অন্যতম এই বৈঠকত ৫০ জনতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৰ্তমান ভাৰতে জি-২০ৰ অধ্যক্ষ পদত অধিষ্ঠিত।
এই বৈঠকক লৈ চীনে আনুষ্ঠানিকভাৱে ভাৰতক প্ৰতিবাদ দাখিল কৰিছে নে নাই সেয়া স্পষ্ট নহয়। এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয় বা চীনৰ কোনোৱেই কোনো মন্তব্য কৰা নাই।
সপ্তাহৰ শেষৰ ফালে অনুষ্ঠিত হোৱা বৈঠকখন গোপনীয় বুলি ঘোষণা কৰাৰ লগতে সংবাদ মাধ্যমত কভাৰেজৰ অনুমতি দিয়া হোৱা নাছিল। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই বৈঠক।
বৈঠকত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলে অৰুণাচল প্ৰদেশৰ বিধানসভা আৰু ইটানগৰৰ এটা বৌদ্ধ মঠ পৰিদৰ্শন কৰে। তেওঁলোক উপস্থিৰ হোৱাৰ লগে লগে বিমানবন্দৰত সাংস্কৃতিক দলে তেওঁলোকক আদৰণি জনায়। স্থানীয় খাদ্যৰ সোৱাদো লৈছিল বুলি বিষয়াসকলে জনায়।
যোৱা ডিচেম্বৰ মাহত ৰাজ্যখনৰ টাৱাং খণ্ডত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত সংঘৰ্ষ হৈছিল ৷ ইয়াৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীনে এল এ চিৰ কাষেৰে “একপক্ষীয়ভাৱে” যথাৰ্থ অৱস্থা সলনি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।