কেৱল আমেৰিকা বা লেটিন আমেৰিকাৰ কলম্বিয়াতে নহয়, ভাৰততো চীনে নতুন ধৰণে আৰম্ভ কৰিছে চোৰাংচোৱাগিৰি ৷ উপগ্ৰহ অথবা ড্ৰোণ নহয়, এইবাৰ চীনে এয়াৰ বেলুন প্ৰেৰণ কৰি আৰম্ভ কৰি চোৰাংচোৱাগিৰি ৷ এই চাঞ্চল্যকৰ প্ৰতিবেদন যোৱা মঙলবাৰে আমেৰিকাৰ “দ্য ৱাশ্বিংটন পোষ্ট” কাকতে ৰাজহুৱা কৰিছিল। এই প্ৰতিবেদন ওলোৱাৰ পিছত আমেৰিকাৰ বাইডেন প্ৰশাসনো সতৰ্ক হৈ পৰিছে। আমেৰিকাই “বন্ধু” দেশসমূহক চীনৰ এই নতুন অভিসন্ধিৰ বিষয়ে সতকৰ কৰি দিছে ৷
কাকতখনে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি আন দেশত এয়াৰ বেলুন প্ৰেৰণ কৰা পৰিঘটনা নতুন নহয়। কেইবাবছৰ ধৰি চীনে ভাৰত, জাপান, ভিয়েটনাম, টাইৱান আদি দেশত এই চোৰাংচোৱাগিৰিৰ কাম অব্যাহত ৰাখিছে। কাকতখনে দাবী কৰিছিল যে চীনৰ কেইবাজনো সেনা বিষয়াৰ সৈতে কথা পাতি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। অৱশ্যে সেই বিষয়াসকলৰ নাম ৰাজহুৱা কৰা হোৱা নাই।
আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ এজন জ্যেষ্ঠ বিষয়াই এই প্ৰতিবেদনৰ উদ্ধৃতি দি দাবী কৰিছে যে এয়াৰ বেলুনসমূহ চীন সেনাৰ। তেওঁ অভিযোগ কৰে যে চীনে এই কাম কৰি আন দেশৰ সাৰ্বভৌমত্ব খৰ্ব কৰিছে। ক্ষেপণাস্ত্ৰৰ দ্বাৰা এয়াৰ বেলুন ভূপতিত কৰাৰ পিছত আমেৰিকাৰ আকাশমাৰ্গত প্ৰৱেশ কৰা চীনৰ বগা বেলুনটোৰ ভিতৰত উদ্ধাৰ কৰা সামগ্ৰীৰ প্ৰতিবেদন ভাৰতকে ধৰি ৪০খন দেশৰ হাতত অৰ্পণ কৰা হৈছে।
সোমবাৰে আমেৰিকাৰ সহকাৰী প্ৰতিৰক্ষা সচিব ৱেণ্ডী শ্বাৰমানে ৱাশ্বিংটনত থকা ৪০খন দেশৰ দূতাবাসলৈ এই প্ৰতিবেদন প্ৰেৰণ কৰি বন্ধু দেশসমূহক চীনৰ “প্ৰকৃত উদ্দেশ্য”ৰ বিষয়ে সকীয়াই দিয়ে। আমেৰিকাই কয় যে চীনৰ কৌশলগত স্বাৰ্থ থকা অঞ্চলসমূহ চীনে নিৰীক্ষণ কৰি আছে। চীনৰ বেলুনসমূহে আমেৰিকাৰ “স্পৰ্শকাতৰ” সামৰিক ঘাটিসমূহ নিৰীক্ষণ কৰি আছে বুলি পেন্টাগনে দাবী কৰিছে। যদিও বেইজিঙে এই দাবী অস্বীকাৰ কৰিছিল, তথাপিও যোৱা শনিবাৰে আমেৰিকাই সন্দেহজনক বেলুনটো গুলীয়াই পেলাইছিল। আটলাণ্টিক মহাসাগৰত পৰা বেলুনটোৰ ধ্বংসাৱশেষো উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে।
বৃহস্পতিবাৰে পেন্টাগনে দাবী কৰিছিল যে বেইজিঙে বেলুনৰ জৰিয়তে “চোৰাংচোৱাগিৰি” চলাই আছে। আমেৰিকাৰ সামৰিক কাৰ্যকলাপ এয়াৰ বেলুনেৰে নিৰীক্ষণ কৰা হয়। অৱশ্যে চোৰাংচোৱাগিৰিৰ সকলো অভিযোগ চীনে নাকচ কৰিছে। বতৰ বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষা আৰু বৈজ্ঞানিক কাৰণত এই বেলুন ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে। চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দাবী কৰিছে যে এই বেলুনটোৱে বতাহৰ গতিবেগৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি আমেৰিকাৰ আকাশত প্ৰৱেশ কৰিছিল। এই ঘটনাৰ বাবে বেইজিঙে ক্ষমা বিচাৰিছে । লগতে এই ভুল যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে প্ৰয়াস কৰা হ’ব বুলিও জানিবলৈ দিয়ে।