পুনৰ অৰুণাচল প্ৰদেশক নিজৰ অংগৰাজ্য হিচাপে দাবী কৰিছে চীনে ৷ শেহতীয়াকৈ চীনে প্ৰকাশ কৰা নতুন মানচিত্ৰত অৰুণাচল প্ৰদেশ, আকছাই চীন, টাইৱান আৰু বিতৰ্কিত দক্ষিণ চীন সাগৰীয় অঞ্চলকে ধৰি বিতৰ্কিত ভূখণ্ডসমূহ অন্তৰ্ভুক্ত কৰিছে। ২৮ আগষ্টত প্ৰকাশ কৰা এই মানচিত্ৰই কূটনৈতিক উদ্বেগ প্ৰকাশ কৰাৰ লগতে বৰ্তমানৰ দুয়োখন দেশৰ বিবাদ পুনৰ জগাই তুলিছে।
২০২৩ চনৰ সংস্কৰণ বুলি কোৱা চীনৰ চৰকাৰী মানচিত্ৰখন প্ৰাকৃতিক সম্পদ মন্ত্ৰালয়ৰ মানক মানচিত্ৰ সেৱা ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰা হৈছিল। চৰকাৰী গ্ল’বেল টাইমছে এক্স (পূৰ্বৰ টুইটাৰ)ত এক পোষ্টত কয় যে, ‘চীন আৰু বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় সীমা অংকন পদ্ধতিৰ ওপৰত ভিত্তি কৰি এই মানচিত্ৰখন প্ৰস্তুত কৰা হৈছে।“
বিশেষ তাৎপৰ্যৰ বিষয় হ’ল অৰুণাচল প্ৰদেশ আৰু আকছাই চীনক অন্তৰ্ভুক্ত কৰা, যি দুয়োটা অঞ্চল দীৰ্ঘদিন ধৰি চীন আৰু ভাৰতৰ মাজত বিবাদৰ সূচনা কৰি আহিছে । ভাৰতে ধাৰাবাহিকভাৱে প্ৰকাশ কৰি আহিছে যে অৰুণাচল প্ৰদেশ ভাৰতৰ অভিন্ন অংগ ৷
চীনে টাইৱানক নিজৰ ভূখণ্ডৰ এক অবিচ্ছেদ্য অংশ হিচাপে দাবী কৰে ৷ এই নতুন দাবীয়ে চীন আৰু টাইৱানৰ মাজতো উত্তেজনা বৃদ্ধি কৰিছে ৷
ইয়াৰ উপৰিও চীনৰ মানচিত্ৰত বিতৰ্কিত ন ডেছ লাইন অঞ্চল অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে দক্ষিণ চীন সাগৰৰ এক বুজন অংশক চীনৰ ভূখণ্ড বুলি দাবী কৰে। এই পদক্ষেপৰ বিৰোধিতা কৰিছে ভিয়েটনাম, ফিলিপাইনছ, মালয়েছিয়া, ব্ৰুনাই আৰু টাইৱানৰ দৰে দেশে ৷