মটৰবাইকত ৰঙা বেগ কঢ়িয়াই নিয়া আৰু ঘৰে ঘৰে ৰেষ্টুৰেণ্টৰ খাদ্য বিতৰন কৰা লোকসকলৰ ১০০ জনৰ ভিতৰত কমেও ৩২ জন স্নাতক ডিগ্ৰীধাৰী। মানুহৰ ঘৰলৈ খাদ্য ডেলিভাৰী দিয়াৰ দায়িত্ব পালন কৰা এইসকল লোকে নিজৰ দুবেলা দুমুঠি যোগাৰ কৰিবলৈ কঠিন হৈ পৰিছে ৷ ইয়াৰ মূল কৰাণ হৈছে মূল্যবৃদ্ধি আৰু পেট্ৰ’ল-ডিজেলৰ মূল্য। গতিকে দিনটোত ১১ ঘণ্টা কাম কৰি উপাৰ্জন কৰিলেও তেওঁলোক বিশেষ লাভান্বিত নহয় ৷
আজি দিল্লীস্থিত বিত্তীয় গৱেষণা সংস্থা ‘নেশ্যনেল কাউন্সিল অৱ এপ্লাইড ইকনমিক ৰিচাৰ্চ’-এ দেশৰ ২৮খন চহৰৰ খাদ্য ডেলিভাৰী কৰ্মীসকলৰ ওপৰত এক সমীক্ষা প্ৰতিবেদন প্ৰকাশ কৰে। সমীক্ষাৰ প্ৰতিবেদন অনুসৰি খাদ্য ডেলিভাৰী কৰ্মী হিচাপে কাম কৰা ৬৭ শতাংশ লোকে অধিক আয় বা অতিৰিক্ত আয়ৰ আশাত এই চাকৰিত যোগদান কৰে। সপ্তাহত ছয় দিন দিনটোত কমেও ১১ ঘণ্টা কাম কৰাৰ পিছত তেওঁলোকৰ মাহিলী গড় আয় মাত্ৰ ২০,৭৪৪ টকা। কেন্দ্ৰীয় চৰকাৰৰ ২০২১-২২ বৰ্ষৰ সময়ে সময়ে শ্ৰমিক শক্তিৰ সমীক্ষা অনুসৰি এই শ্ৰেণীৰ শ্ৰমিকৰ গড় মাহিলী আয় ২২,০০০ টকাৰো অধিক। খাদ্য ডেলিভাৰী কৰ্মীসকলে ইয়াতকৈ প্ৰায় ১০ শতাংশ কম উপাৰ্জন কৰে। বিশেষজ্ঞসকলৰ মতে এই চাকৰিটো শৈক্ষিক অৰ্হতা অনুসৰি কোনো চাকৰি নোপোৱালোকে শেষ উপায় হিচাপে বাছি ল’ব লগা হয়।
শেহতীয়াকৈ ৰাজস্থানত কংগ্ৰেছ চৰকাৰে গিগ-ৱৰ্কাৰ বা ডেলিভাৰী কৰ্মীৰ সামাজিক সুৰক্ষাৰ আইন প্ৰৱৰ্তন কৰে। কৰ্ণাটকৰ নিৰ্বাচনৰ পূৰ্বে ডেলিভাৰী কৰ্মীৰ সৈতে কথা পাতিছিল ৰাহুল গান্ধীয়ে। নেশ্যনেল কাউন্সিল অৱ এপ্লাইড ইকনমিক ৰিচাৰ্চৰ অধ্যাপিকা বৰ্ণালী ভাণ্ডাৰীয়ে কয় যে এই অধ্যয়ন অনুসৰি খাদ্য যোগান ধৰা কৰ্মীৰ বাবে দুৰ্ঘটনা বীমা আছে যদিও স্বাস্থ্য বীমা নাই। মাত্ৰ ১২ শতাংশ শ্ৰমিকৰ হাতত আয়ুষ্মান ভাৰত কাৰ্ড আছে। ১১ শতাংশ শ্ৰমিকৰ হাতত ৰাজ্যিক স্বাস্থ্য বীমা কাৰ্ড আছে। কেৱল পশ্চিমবংগ আৰু অন্ধ্ৰপ্ৰদেশত প্ৰায় সকলোৰে হাতত ৰাজ্যিক স্বাস্থ্য বীমা আঁচনিৰ কাৰ্ড আছে। সাধাৰণতে ব্যক্তিগত শ্ৰমিকক ঠিকাভিত্তিকভাৱে নিৰ্দিষ্ট সময়ৰ বাবে নিযুক্তি দিয়া হয়। খাদ্য ডেলিভাৰী কৰ্মীক চাকৰি হিচাপে নিযুক্তি দিয়া হয়। তেওঁলোকৰ কোনোৱেই দৰমহা বা ছুটী বা পেঞ্চন নাপায়।
সমীক্ষাত অংশগ্ৰহণ কৰা ৩১ শতাংশতকৈ অধিক খাদ্য ডেলিভাৰী কৰ্মীয়ে কয় যে তেওঁলোকে প্ৰায় চাৰি মাহ বহি থকাৰ পিছত এই কামটো বাছি লৈছিল। ৯ শতাংশ শ্ৰমিকে চাকৰি হেৰুৱাই এই কাম কৰি আছে। প্ৰায় ২৪ শতাংশ শ্ৰমিকে প্ৰথম কাম হিচাপে এই কাম কৰি আছে। ইয়াৰে ৮৮ শতাংশই এতিয়াও পঢ়া-শুনা কৰি আছে। বহুতে দিনটোত পাঁচ ঘণ্টা কাম কৰি আন কামৰ উপৰিও অতিৰিক্ত উপাৰ্জন কৰিবলৈ ধৰিছে। সপ্তাহত ৩০ ঘন্টা কাম কৰি তেওঁলোকৰ মাহিলী আয় প্ৰায় ৭৮০০ টকা।