দেওবাৰে নিশা জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে উগ্ৰবাদীৰ সংঘর্ষ হয় । সেনাই জনোৱা মতে, ওৰে নিশা হোৱা সংঘর্ষত সোমবাৰে পুৱা দুজন উগ্ৰপন্থী নিহত হয়। মৃত উগ্ৰবাদীৰ এজন লস্কৰ-ই-তৈবাৰ সদস্য বুলি জানিব পৰা গৈছে। উগ্ৰবাদী সংগঠনটোৰ লগত আন এজন লোকো জড়িত আছিল। অৱশ্যে এতিয়াও উদ্ধাৰ হোৱা নাই দুটা মৃতদেহ। সেনাৰ সূত্ৰ অনুসৰি উদ্ধাৰৰ পিছতহে তেওঁলোকক চিনাক্ত কৰা হ’ব।
দেওবাৰে নিশা কাশ্মীৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি পুলৱামাৰ লাৰো-পৰিগাম অঞ্চলত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ সৈতে উগ্ৰপন্থীৰ সৈতে এই সংঘর্ষ সংঘটিত হয় । ‘এক্স’ (টুইটাৰ)ত কাশ্মীৰ জ’ন পুলিচৰ হেণ্ডেলত উল্লেখ কৰা অনুসৰি “পুলৱামাৰ লাৰো-পৰিগাম অঞ্চলত সংঘর্ষৰ সূত্ৰপাত ঘটে ৷ ঘটনাস্থলীত আৰক্ষী আৰু নিৰাপত্তা বাহিনী উপস্থিত আছে।” ইতিমধ্যে চোৰাংচোৱা সূত্ৰই সেই অঞ্চলত সন্ত্ৰাসবাদী গোট খোৱা বুলি তথ্য লাভ কৰিছিল। ইয়াৰ পিছত সেই অঞ্চলত এক বিশেষ অভিযান আৰম্ভ কৰা হয়।
ইয়াৰ পূৰ্বে ৬ আগষ্টত জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ বৰিয়ামা অঞ্চলত সেনা আৰু আৰক্ষীৰ মাজত সংঘৰ্ষত এজন উগ্ৰপন্থী নিহত হৈছিল। তাৰ দুদিন আগতে অৰ্থাৎ ৪ আগষ্টত ৰাজৌৰীৰ খোৱাছ অঞ্চলত উগ্ৰপন্থী আৰু সেনাৰ মাজত সংঘর্ষ হৈছিল। কুলগাম জিলাত সেনা-উগ্ৰপন্থী সংঘৰ্ষৰ সময়ত উগ্ৰপন্থীৰ গুলীচালনাত তিনি সেনা জোৱান নিহত হয়। যোৱা ৪ আগষ্টৰ সন্ধিয়া কুলগামৰ হালান বনাঞ্চলত সন্দেহজনক গতিবিধি ধৰা পৰাত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। যৌথ বাহিনীয়ে উগ্ৰপন্থীৰ দলটোক চৌদিশৰ পৰা ঘেৰাও কৰাৰ সময়তে উগ্ৰপন্থীয়ে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। উগ্ৰপন্থীৰ গুলীচালনাত তিনিজন জোৱান নিহত হয়।