অসমৰ হোজাই জিলাৰ অন্তৰ্গত লামডিঙত সংঘটিত হ’ল এক শোকাবহ ঘটনা ৷ জানিব পৰা মতে লামডিঙৰ চাল বাগানৰ কৃষ্ণবস্তি অঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় এগৰাকী কিশোৰীৰ মৃতদেহ ।
পৰিয়ালৰ সদস্যসকলৰ মতে ভুক্তভোগী কিশোৰীগৰাকী আছিল দশম মান শ্ৰেণীৰ ছাত্ৰী ৷ সোমবাৰে সন্ধিয়া টিউচন কৰিবলৈ গৈ আৰু ঘৰলৈ ঘূৰি নাহিল দুৰ্ভগীয়া কিশোৰীগৰাকী।কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।
উক্ত ঘটনাৰ পিছত স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।মৰণোত্তৰ পৰীক্ষাৰ পিছতহে কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে কয় ৷ উক্ত ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত ।