VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰঙিয়াত ৰাজ্যিক পৰ্যায়ৰ পোষণ মাহৰ সামৰণী অনুষ্ঠান

অংশ ল'লে মন্ত্ৰী অজন্তা নেওগ, সাংসদ দিলিপ শইকীয়া, বিধায়কদ্বয় ভৱেশ কলিতা আৰু সুমন হৰিপ্ৰিয়াই ।

ৰঙিয়াৰ পৰা বিপুল কলিতা by ৰঙিয়াৰ পৰা বিপুল কলিতা
September 29, 2022
in মুখ্য সংবাদ
ৰঙিয়াত ৰাজ্যিক পৰ্যায়ৰ পোষণ মাহৰ সামৰণী অনুষ্ঠান
0
SHARES
40
VIEWS
Share on FacebookShare on Twitter

“সবল নাৰী, সাক্ষৰ শিশু, সুস্থ ভাৰত” এই বাণীৰে দেশজুৰি উদযাপিত ৰাষ্ট্ৰীয় পোষণ মাহ, ২০২২ৰ লগত সংগতি ৰাখি ৰাজ্যিক পৰ্যায়ৰ পোষণ মাহৰ সামৰণী অনুষ্ঠান ৰঙিয়াৰ দীপ্তেশ্বৰী আঞ্চলিক হৰিমন্দিৰ ৰাস প্ৰাংগনত আয়োজন কৰা হয় । অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । উল্লেখযোগ্য যে, শিশুৰ পুষ্টিহীনতা তথা গৰ্ভৱতী মহিলা আৰু কিশোৰীৰ স্বাস্থ্যসম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ লগতে পোষণ অভিযানক এটি গণ আন্দোলনলৈ ৰূপান্তৰিত কৰি এখন সুস্থ ভাৰতবৰ্ষ নিৰ্মাণৰ উদ্দেশ্যেৰে ছেপ্টেম্বৰ মাহত সমগ্ৰ দেশতে ৰূপায়িত ৰাষ্ট্ৰীয় পোষণ মাহৰ ৰাজ্যিক কাৰ্যসূচী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা ১ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত শুভাৰম্ভ কৰিছিল । মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত এমাহ জোৰা কাৰ্যসূচীৰে উদযাপিত এই কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে সামৰণি পৰে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী নেওগে কয় যে, এখন অপৰিপুষ্টিৰ পৰা মুক্ত অসম গঢ় দিয়াৰ লক্ষ্যৰে শিশুৰ পুষ্টিহীনতা দূৰীকৰণ, গৰ্ভৱতী মহিলা আৰু কিশোৰীৰ ৰক্তহীনতা, কম ওজন আদি স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সজাগতা বৃদ্ধি কৰাই পোষণ মাহ উদযাপনৰ প্ৰধান উদ্দেশ্য । এখন ‘পৰিপুষ্ট অসম’ গঢ় দিয়াৰ এই অভিযানত একো একোগৰাকী সক্ৰিয় অংশীদাৰ হ’বলৈ মন্ত্ৰীগৰাকীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায় ।

অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্যৰ এখন হিচাপে গঢ়ি তোলাৰ বাবে থকা মুখ্যমন্ত্ৰীৰ সপোনক সাকাৰ ৰূপ দিবলৈ হ’লে শিশু আৰু মহিলাসকল সু-স্বাস্থ্যৰ অধিকাৰী হ’বই লাগিব বুলি মন্তব্য কৰি এই ক্ষেত্ৰত পোষণ অভিযানে যথেষ্ট সজাগতাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয় । মহিলাসকলৰ ৰক্তহীনতা ৰাজ্যখনৰ চাহ বাগিচা অঞ্চল আৰু চৰাঞ্চলৰ এক গুৰুতৰ সমস্যা বুলি অভিহিত কৰি এই সমস্যা দূৰীকৰণৰ বাবে চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ।

অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে পোষণ অভিযানৰ তৎপৰতাত পুষ্টিহীনতাৰ পৰা স্বাভাৱিক স্বাস্থ্য ঘূৰাই পোৱা তিনিটি শিশুক বিশেষভাৱে উপহাৰৰ টোপোলা প্ৰদান কৰে । তদুপৰি পুষ্টিহীনতাত ভোগা শিশুৰ চিনাক্তকৰণ, অতিকৈ পুষ্টিহীনতাত ভোগা শিশুক পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ আদি বিভিন্ন শিতানত উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা জিলাসমূহকো পুৰস্কাৰ প্ৰদান কৰা হয় ।
পোষণ আৰু পৰিপুষ্টিৰ দিশত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে সভাস্থলীৰ চৌহদত বিভাগীয়ভাৱে স্থাপন কৰা দহখন ভিন্ন বিপণীও মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলিপ শইকীয়াই অসমত পোষণ অভিযানৰ ক্ষেত্ৰত অৰ্জন কৰা সফলতাৰ বাবে বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ লগতে অভিযানৰ লগত জড়িত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে । এখন পুষ্টিহীনতাত মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হাতত লোৱা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰসমূহে নতুন দিগন্তৰ সূচনা কৰিছে বুলি তেওঁ মন্তব্য কৰে ।

অনুষ্ঠানত স্থানীয় বিধায়ক ভৱেশ কলিতাইও ভাষণ প্ৰদান কৰে । পোষণ অভিযানৰ জৰিয়তে ৰাজ্যখনৰ লক্ষ লক্ষ মহিলাই নিজৰ লগতে শিশুসকলৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত সজাগ হ’বলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে । প্ৰধানমন্ত্ৰীৰ সপোনৰ এই অভিযানক ইয়াৰ ইপ্সিত লক্ষ্যত উপনীত হোৱাৰ দিশত আগবঢ়াই লৈ যোৱাৰ বাবে মন্ত্ৰী অজন্তা নেওগ আৰু বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলক তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

মহিলা আৰু শিশু বিকাশ বিভাগৰ সঞ্চালক তথা পোষণ অভিযান, অসমৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক বিভাষ চন্দ্ৰ মোদীয়ে আদৰণী ভাষণ প্ৰদান কৰা ৰাজ্যিক পৰ্যায়ৰ এই অনুষ্ঠানত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীৰ লগতে প্ৰশাসন তথা মহিলা আৰু শিশু বিকাশ বিভাগৰ জ্যেষ্ঠ বিষয়ববীয়াসকল, ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকল, জিলাখনৰ বিভিন্ন প্ৰান্তৰ অংগনৱাড়ী কৰ্মী-সহায়িকাসকল, স্বাস্থ্য সেৱাৰ কৰ্মীসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকে ।

Previous Post

পুৰী ৰে’লৱে ষ্টেচনত কিয় ৰৈ যাব লগা হ’ল মৰিগাঁও হাবি বৰঙাবাৰীৰ যোগেননাথ আৰু প্ৰবিত্ৰীদেৱী ?

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
এহেজাৰ টকাৰ গ্ৰন্থক্ৰেতাক ১ লাখ টকা পুৰস্কাৰৰ কুপন
মুখ্য সংবাদ

এহেজাৰ টকাৰ গ্ৰন্থক্ৰেতাক ১ লাখ টকা পুৰস্কাৰৰ কুপন

December 8, 2023
কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস
মুখ্য সংবাদ

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস

December 8, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7