বিতৰ্কৰ সন্মুখীন হৈ দিল্লীৰ এইমছ কৰ্তৃপক্ষই সলনি কৰিলে সিদ্ধান্ত ৷ শনিবাৰে দিয়া নিৰ্দেশনাত চিকিৎসালয়খনে প্ৰকাশ কৰিছিল যে সোমবাৰে ৰাম মন্দিৰ মুকলি উপলক্ষে দিনৰ ভাগত অ’পিডি সেৱা বন্ধ থাকিব ৷ জৰুৰীকালীন চিকিৎসা সেৱাৰ বাহিৰে চিকিৎসালয়খনৰ সকলো বিভাগ দুপৰীয়া ২:৩০ বজালৈ বন্ধ থাকিব বুলি কোৱা হৈছিল । ইয়াৰ পাছতে বিতর্কৰ সূচনা হোৱাত দেওবাৰে এক নতুন নিৰ্দেশনাৰ জৰিয়তে সোমবাৰে মন্দিৰ উদ্বোধনৰ দিনা আন দিনৰ দৰে চিকিৎসালয়খনৰ অ’পিডি সেৱা খোলা ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । অৰ্থাৎ প্ৰাক-পঞ্জীয়ন কৰা ৰোগীয়ে সেইদিনা চিকিৎসালয়ত চিকিৎসা সেৱা লাভ কৰিব। চিকিৎসালয়ৰ সকলো বিভাগীয় মুৰব্বীক এই নতুন গাইডলাইন নিজৰ অধীনস্থ কর্মচাৰীলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
দেওবাৰে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে ৰোগীসকলৰ কথা মনত ৰাখি আৰু যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে অ’পিডি সেৱা খোলা থাকিব।
উল্লেখ্য যে শনিবাৰৰ জাননীত কোৱা হৈছিল “২২ জানুৱাৰী সোমবাৰে অযোধ্যাত সমগ্ৰ দেশতে ৰামলাৰ মূৰ্তিৰ ‘প্ৰাণপ্ৰতিষ্ঠা’ উদযাপন কৰা হ’ব। সেই উপলক্ষে ভাৰত চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত দুপৰীয়া ২:৩০ বজালৈ বন্ধৰ ঘোষণা কৰিছে। এইমছৰ সকলো কৰ্মচাৰীৰ জ্ঞাতাৰ্থে ২২ জানুৱাৰীৰ দুপৰীয়া ২:৩০ বজালৈ এই প্ৰতিষ্ঠান বন্ধ থাকিব। সকলো কেন্দ্ৰ মুৰব্বী, বিভাগীয় মুৰব্বী, শাখা কাৰ্যালয়ৰ এই বিষয়ে কৰ্মচাৰীসকলক অৱগত কৰিবলৈ অনুৰোধ জনোৱা হৈছে।”
অৱশ্যে চিকিৎসালয়খনত জৰুৰীকালীন সেৱা উপলব্ধ হ’ব বুলিও অধিসূচনাত অৱগত কৰা হৈছে। ইয়াত কোৱা হৈছে যে ২১ ফেব্ৰুৱাৰীলৈকে দিল্লী ইএমএছত এমাহৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে। শনিবাৰৰ অধিসূচনা প্ৰকাশ হোৱাৰ পাছত কেৱল বিৰোধী দলেই নহয়, চিকিৎসকৰ এটা অংশই সমালোচনা কৰিবলৈ আৰম্ভ কৰিলে। বিতৰ্কৰ মাজতে এইমছ কৰ্তৃপক্ষই পূৰ্বৰ অধিসূচনাৰ ১২ ঘণ্টাৰ ভিতৰত সিদ্ধান্ত সলনি কৰে ৷