আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ডিএফঅ’ ভাস্কৰ ডেকাৰ গুৱাহাটীস্থিত বাসগৃহত আজি অভিযান চলায় চিএম ভিজিলেন্সে ৷ দুদিন পূর্বে গ্ৰেপ্তাৰ হোৱা ডেকাৰ লাচিত নগৰত থকা বাংলোসদৃশ বাসগৃহত ভিজিলেন্সে অভিযান চলায় ৷ গ্ৰেপ্তাৰৰ পাছত ডেকাক ৫ দিনৰ বাবে ভিজিলেন্সৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে ৷
উল্লেখ্য যে ডিএফঅ’জনৰ সম্পত্তিৰ পাহাৰ দেখি হতচকিত হৈ পৰিছে তদন্তকাৰী সংস্থাটো ৷ লাচিত নগৰৰ সুবিশাল ঘৰ কেইবা কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিছিল ভাস্কৰ ডেকাই ৷ পাঞ্জাবাৰীতো আছে ভাস্কৰ ডেকাৰ বিশাল মাটি-সম্পত্তি ৷ তদুপৰি দিল্লীতো ফ্লেট ক্ৰয় কৰিছিল ভাস্কৰ ডেকাই ৷ অৱসৰলৈ মাত্ৰ দুবছৰ বাকী থকা অৱস্থাত আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তিৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে ৷
নগাঁও বন সংমণ্ডলৰ তদানীন্তন ডি এফ অ’ ভাস্কৰ ডেকাৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৩(১) আৰু ১৩(২) ধাৰাত ৫/২০২২ নং গোচৰ ৰুজু কৰা হৈছে ৷তদন্তৰ সময়ত ডেকাই পত্নীসহ ৪,১১,৪৩,৫৯১ টকা উপাৰ্জন কৰিছিল যদিও তেওঁৰ ব্যয় আছিল ৬,৩৯,৬৫,২০৫ টকা ৷ ডেকাৰ আয়ৰ জ্ঞাত উৎসৰ বিপৰীতে ৩,৬০,১৬,০৮৪ টকাৰ অসমতাপূৰ্ণ সম্পত্তি আছিল। আয়ৰ সন্দৰ্ভত সামঞ্জস্যহীন সম্পত্তিৰ পৰিমান ৮৭.৬৬ শতাংশ।