ভাৰত চীন সীমান্তৱৰ্তী কাহোক নামৰ গাঁওখনক অৰুণাচল চৰকাৰে ভাৰতৰ প্ৰথমখন সীমান্তৱৰ্তী গাঁও বুলি ঘোষণা কৰিছে। কাহো নামৰ গাঁওখন অৰুণাচলৰ আঞ্জাও জিলাত অৱস্থিত।
ইটানগৰৰ পৰা ৮৫০ কিলোমিটাৰ নিলগত অৱস্থিত গাঁওখনৰ পৰা ভাৰত চীন সীমান্তলৈ দূৰত্ব মাত্ৰ ২৫ কিলোমিটাৰ। ভাৰত চৰকাৰৰ আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি সীমান্তৱৰ্তী এলেকাসমূহক গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ উপৰিও ভাৰত চৰকাৰৰ এটা দলে গাঁওখন পৰ্যবেক্ষণ কৰি উন্নয়নমূলক আঁচনি ৰূপায়নৰ ক্ষেত্ৰত সিদ্ধান্ত লয়।
১৯৬২ চনৰ ভাৰত-চীনা যুদ্ধৰ সময়ত কাহো গাঁওবাসীয়ে ভাৰতীয় সৈন্যক সহায় কৰিছিল। ইয়াৰ উপৰিও এই গাঁৱৰ লোকসকলে স্বাধীনতা সংগ্ৰামটো অংশ গ্ৰহণ কৰিছিল।
বৰ্তমান গাঁওখনৰ শিক্ষিত লোকৰ সংখ্যা ৬৪.১৫% । গাঁওখনৰ লোকসকল তিব্বত বৌদ্ধ ধৰ্মালম্বীৰ বুলি জানিব পৰা গৈছে।