চাইবাৰ অপৰাধৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে ৷ ভুৱা কল চেণ্টাৰ স্থাপন কৰি দেশ বিদেশৰ লোকসকলক প্ৰতাৰণা কৰি অহা চাইবাৰ অপৰাধীৰ বিৰুদ্ধে শুকুৰবাৰে নিশাও মহানগৰ আৰক্ষীয়ে অভিযান চলায় ৷ বর্তমানলৈ ২০গৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ কৰা হৈছে । চাইবাৰ অপৰাধীৰ ঘাটি জুপিতৰা পেলেচত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । আজি ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে দেশৰ বিশিষ্ট শি
শুকুৰবাৰে ওৰে নিশা মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা কল চেণ্টাৰৰ কৰ্মচাৰীক লগত লৈ অভিযান। গুৱাহাটীৰ এবিচিকে ধৰি বহুকেইটা স্থানত আৰক্ষীয়ে অভিযান চলায় ।
উল্লেখযোগ্য যে মহানগৰীত ভুৱা কল চেণ্টাৰ চলাই থকাৰ অভিযোগত ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আঢ়ৈশৰো অধিক লোক। বৃহস্পতিবাৰে নিশা মহানগৰীৰ বহু অবৈধ কল চেণ্টাৰত ক্ৰাইম ব্ৰাঞ্চ আৰু মহানগৰ আৰক্ষীয়ে অভিযান চলায় । আৰক্ষী আয়ুক্তৰ নেতৃত্বত গুৱাহাটীৰ বামুণীমৈদাম, বৰবাৰী, ৰাজগড়, গান্ধীবস্তি আদি অঞ্চলত চলিছিল অভিযান। মহানগৰীৰ চেন্ট্রেল মল, এবিচি, ভিভাণ্টা, জুৰোড তিনিআলি, গণেশগুৰিতো চলিছিল অভিযান।