সাগৰীয় ঘূর্ণীয়ে জোঁকাৰি যাব উৰিষ্যাৰ উপকূলীয় অঞ্চল ৷ দক্ষিণ আন্দামান সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ বাবে এই ঘূৰ্ণীবতাহৰ আগজাননী দিছে বতৰ বিজ্ঞান বিভাগে ৷ অহা সপ্তাহৰ আৰম্ভণিতে অন্ধ্ৰ প্ৰদেশ-উৰিষ্যা উপকূল জোঁকাৰি যাব সামুদ্ৰিক ঘূর্ণীয়ে ৷ দেওবাৰে সন্ধিয়ালৈ ঘূৰ্ণীবতাহত অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে।বতৰ বিজ্ঞান বিভাগে ঘূৰ্ণীবতাহৰ লগতে অহা সপ্তাহৰ মঙলবাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত পশ্চিম বংগত বজ্ৰপাত আৰু ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে ৷
উৰিষ্যা চৰকাৰে এই আগজাননীৰ পাছতে দুৰ্যোগ সঁহাৰি আৰু অগ্নি নিৰ্বাপক সেৱাৰ গোটসমূহক সাজু হৈ থাকিবলৈ নির্দেশ দিছে ৷ ২০২১ চনত ‘য়াছ’, ২০২০ চনত ‘আমফান’ আৰু ২০১৯ চনত ‘ফণী’ সাগৰীয় ধুমুহাই উৰিষ্যাত তাণ্ডৱ চলাইছিল ৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আইএমডি) সঞ্চালক প্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই কয় যে ১০ মে’ত ঘূর্ণীয়ে উপকূল অঞ্চল জোকাৰি যোৱাৰ সম্ভাৱনা আছে ৷ উৰিষ্যাত এনডিআৰএফ (ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী)ৰ ১৭ টা দল, ওডিআৰএএফৰ ২০ টা দল আৰু অগ্নি নিৰ্বাপক বিভাগৰ ১৭৫ টা দল সাজু কৰা হৈছে ৷