গুৱাহাটী মহানগৰীৰ ভঙাগড় আৰক্ষী থানাত আজি পুৱা শুই থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী আৰক্ষী জোৱানৰ মৃতদেহ ৷ নিশা কৰ্তব্য সামৰি থানাতে বিশ্ৰাম লৈ আছিল ট্ৰেফিক আৰক্ষী বিপ্লৱ সিনহাই ৷
জানিব পৰা মতে নিশা ডিউটিত থকা জোৱান গৰাকীয়ে তেওঁৰ সতীৰ্থই ফোন কৰোতে কোনো প্ৰত্যুত্তৰ দিয়া নাছিল আৰু পৰৱৰ্তী সময়ত শোৱাপাটিতে উদ্ধাৰ হয় তেওঁৰ মৃতদেহ ৷ বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হৈছে জোৱান জনৰ মৃতদেহ ৷
ট্ৰেফিক আৰক্ষী হিচাপে গুৱাহাটীত কৰ্মৰত বিপ্লৱ সিনহা নামৰ জোৱান জনৰ ঘৰ বঙাইগাঁৱত বুলি জানিব পৰা গৈছে ৷