জনপ্ৰিয় অভিনেত্ৰী পল্লৱী দে’ৰ মৃত্যুত টলীউডত শোকৰ ছাঁ ৷ ‘আমি চিৰাজেৰ বেগম’,’মন মানে না’ৰ জৰিয়তে বাংলা ছবি জগতত জনপ্ৰিয় হৈ পৰা আকৰ্ষণীয় অভিনেত্ৰীগৰাকীৰ অকাল মৃত্যুক সহজভাৱে ল’ব পৰা নাই তেওঁৰ অনুৰাগী সকলে ৷
দেওবাৰে নিজৰ ফ্লেটত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয় অভিনেত্ৰী গৰাকীক আৰু চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকে মৃত ঘোষণা কৰে পল্লবীক ৷ পল্লৱীৰ আকস্মিক মৃত্যুৰ বাবে পল্লৱীৰ ঘৰৰ মানুহে সন্দেহ কৰিছে লিভ-ইন পাৰ্টনাৰ সাগ্নিকক ৷ সোমবাৰে গড়ফা থানাত ইতিমধ্যেই অভিযোগ দাখিল কৰে পল্লবীৰ পৰিয়ালৰ লোকে ৷ অভিনেত্ৰীগৰাকীৰ বান্ধৱী আৰু প্ৰেমিক সাগ্নিকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে পল্লৱীৰ পিতৃ-মাতৃয়ে ৷
‘মন মানে না’ ধাৰাবাহিকখনত শেষ বাৰৰ বাবে দেখা গৈছিল পল্লবীক ৷ ইয়াৰ পূৰ্বে ‘চিৰাজেৰ বেগম’,’ৰেশম ঝাপি’ত কাম কৰিছিল পল্লবীয়ে ৷ সোমাবাৰে মৰণোত্তৰ পৰীক্ষাৰ পিছত অভিনেত্ৰী গৰাকীৰ মৃতদেহ পৰিয়ালৰ লোকৰ হতাত গতাই দিয়া হয় ৷